NORTHEAST NOW (Assamese)

সাহায্যত কেন্দ্ৰৰ অনুমোদন, ভ’ডাফোন-আইডিয়া, এয়াৰটেলৰ ষ্টকৰ উত্থান

March 13, 2020 4:54 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

কেন্দ্ৰই সাহায্য পেকেজত অনুমোদন জনোৱাৰ পিছতে সংকটত থকা টেলিকম অপাৰেটৰ ভ’ডাফোন-আইডিয়া আৰু এয়াৰটেলৰ ষ্টকত উত্থান ঘটিছে।

ভ’ডাফোন-আইডিয়াৰ ষ্টক ৩০% আৰু এয়াৰটেলৰ ৪% উত্থান ঘটিছে। টাটা টেলিচাৰ্ভিছেজৰ প্ৰতি ষ্টকত ২.৩০ টকাকৈ ২.২২% উত্থান ঘটিছে।

চৰকাৰক বহু বছৰ ধৰি পৰিশোধ কৰিব লগা এ জি আৰ (adjusted gross revenue) ৰাজহক লৈ কোম্পানিকেইটা সংকটত পৰিছিল।

কেন্দ্ৰই অনুমোদন জনোৱা পেকেজৰ সবিশেষ এতিয়াও গম পোৱা হোৱা নাই। কিন্তু বাতৰি মতে, এই সাহায্যৰ ভিতৰত এ জি আৰো থাকিব।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে যোৱা ২৪ অক্তোবৰত এ জি আৰত নন-ক’ৰ বস্তুসমূহো থাকিব বুলি ৰায় দিয়াৰ পিছতে টেলিকম অপাৰেটৰকেইটা বিপদত পৰিছিল।

এই ৰায়ৰ ফলত ১৫টা টেলিকম কোম্পানিয়ে ১.৬৪ লাখ কোটি টকাৰ মাচুল পৰিশোধৰ সন্মুখীন হ’ব লগা হৈছিল। এই ১৫টা কোম্পানিৰ ভিতৰত ভ’ডাফোন-আইডিয়া, ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’হে বৰ্তমান ব্যৱসায়ত আছে।

ভ’ডাফোন-আইডিয়াই এ জি আৰত কিছু ৰেহাই নাপালে ব্যৱসায় বন্ধ কৰিব লগা হ’ব বুলি মন্তব্য কৰিছিল।

২০১৮ চনৰ আগষ্টত একত্ৰিত হোৱা ভ’ডাফোন-আইডিয়াই পৰিশোধ কৰিবলৈ থকা ৫৩,০০০ কোটি টকাৰ ৩,৫০০ কোটি টকা আৰু এয়াৰটেলে ৩৭,০০০ কোটি টকাৰ ভিতৰত ১৮,০০৪ কোটি টকা পৰিশোধ কৰিছে।

Related News