NORTHEAST NOW (Assamese)

আৰক্ষীৰ সৈতে সংঘৰ্ষত ডিমাছা নেশ্যনেল আৰ্মিৰ কেডাৰ নিহত

December 28, 2018 11:56 am · পংকজ কুমাৰ দেব
Updated: December 28, 2018 3:16 pm
আৰক্ষী-সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত কেডাৰজন।

মাইবাঙত থানাৰ অন্তৰ্গত মতিব্ৰা গাঁৱত যোৱা নিশা আৰক্ষীৰ এটা দলৰ সৈতে উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল আৰ্মিৰ মাজত গুলীয়াগুলী সংঘটিত হয়।

সংঘৰ্ষৰ সময়ত উগ্ৰপন্থী সংগঠনটোৰ এজন কেডাৰ নিহত হোৱা বুলি আৰক্ষীৰ সূত্ৰই জনাইছে। নিহত কেডাৰজনৰ নাম জিতেছ হাফলংবাৰ ওৰফে মতি। বয়স ২৪ বছৰ। সংঘৰ্ষস্থলীৰ পৰা আৰক্ষীয়ে এটা এ কে ছিৰিজৰ ৰাইফল উদ্ধাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান এতিয়াও অব্যাহত আছে।

উল্লেখযোগ্য যে এসময়ত ডিমা হাছাও জিলাত মূৰ দাঙি উঠা প্ৰায় এক ডজন সশস্ত্ৰ বিদ্ৰোহী গোটৰ সৰহভাগেই যোৱা এটা দশকৰ ভিতৰত অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি আহিছে যদিও শেহতীয়াকৈ ডিমাছা নেশ্যনেল আৰ্মি নামৰ এটা সশস্ত্ৰ বিদ্ৰোহী গোটৰ ক্ৰিয়াকলাপ বৃদ্ধি পোৱা দেখা গৈছে।

Related News