সমগ্ৰ ৰাজ্য খনতে অহা ১২ ফেব্ৰুৱাৰিৰ পৰা ৭ মাৰ্চলৈ ক্ৰমে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ‘ব৷ উক্ত পৰীক্ষাৰ সময়ছোৱাত বৃহত্তৰ চামগুৰি আৰু পুৰণিগুদামৰ নিকটৱৰ্তী অঞ্চলসমূহত বিভিন্ন উৎসৱমুখৰ অনুষ্ঠান আয়োজন কৰি অতি মাত্ৰা শব্দ প্ৰদূষণ হোৱাকৈ শব্দযন্ত্ৰ ব্যৱহাৰ নকৰিবলৈ সচেতন ৰাইজক সংযুক্ত সাংবাদিক সন্থা ( উকাচ) আৰু পুৰণিগুদাম প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিনম্ৰ ভাৱে আহ্বান জনাইছে ৷
চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক এক সুস্থ পৰিৱেশ দি অঞ্চলবাসীয়ে প্ৰকৃত অভিভাৱকত্বৰ ভূমিকা পালন কৰিব বুলি সংযুক্ত সাংবাদিক সন্থা(উকাচ) আৰু পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সদস্য সকলে আশাৰ প্ৰকাশ কৰাৰ লগতে অঞ্চলৰ সকলোবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াক শব্দ প্ৰদূষণ বন্ধ ৰখাত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় ৷
আনহাতে, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্যত উপনীত হ’ব পৰাকৈ অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই সন্থাই তেওঁলোকৰ শৈক্ষিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিছে।