কৰ’না প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে প্ৰধান মন্ত্ৰী মোদীয়ে; স্বীকৃতি কেমব্ৰিজৰ

index-1.jpgaaa-1-750x375

কৰ’না ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত গোটেই দেশতে কঠোৰ লকডাউন তথা সামাজিক দূৰত্ব বিধি পালনৰ দিসত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ ভূমিকা পালন কৰিছিল।

কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰিস্থিতিত ভাৰতৰ চৰকাৰী নীতিৰ ভূমিকা সন্দৰ্ভত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই কথা কোৱা হৈছে।

লকডাউনকে ধৰি মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিভিন্ন মন্ত্ৰ্যালয় তথা কাৰ্যালয়ৰ নীতি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পদক্ষেপ চিনাক্ত কৰিবলৈ এই গৱেষণা চলোৱা হৈছিল।

এইক্ষেত্ৰত মেছিন লাৰ্ণিং তথা কৃত্ৰিম বুদ্ধিমত্তা নিৰ্ভৰ এলগাৰিজম ব্যৱহাৰ কৰা হৈছেল। বিজ্ঞান সম্পৰ্কীয় জাৰ্ণেল পিএলঅ’এছ ৱানত শেহতীয়াকৈ এয়া প্ৰকাশ পাইছে।

গৱেষণাত দাবী কৰা হৈছে যে মোদীয়ে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে দেশৰ প্ৰস্তুতি তথা নিৰাময়ৰ কৌশল পৰিচালিত হৈছে। তেওঁ আনকি ‘মন কি বাত’ আদি কাৰ্যসূচীৰে বাৰে বাৰে জনসাধাৰণৰ সন্মুখলৈ আহি দেশৰ ১৩০ কোটি লোকক কঠোৰ লকডাউনৰ মাজত ৰখাত সফল হৈছে।

সেইদৰে তেওঁ সামাজিক দূৰত্বৰ বিধি মানি চলাৰ ক্ষেত্ৰতো জনসাধাৰণক আগ্ৰহী কৰি তোলাত বিশেষ ভূমিকা পালন কৰিছে।

এগৰাকী গৱেষকৰ মতে জনসাধাৰণৰ প্ৰতি মোদীয়ে দিয়া আশ্বাসৰ ফলস্বৰূপে দৰৱ প্ৰস্তুতকৰ্তা, অৰ্থনৈতিক, স্বাস্থ্যৰ দৰে বিষয়সমূহত সাৰ্বিক প্ৰভাৱ পৰিছে।

মানুহৰ মনত যাতে অনুপ্ৰেৰণাৰ সৃষ্টি হয় তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ইয়াৰ ভিতৰত বৈদ্যুতিন চেনেলসমূহত কৰ’না সংক্ৰান্তীয় তথ্যৰ প্ৰচাৰ, বলীউদৰ গান, কবিতা, নাটকৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে।

সেইদৰে, ৰামায়ন-মহাভাৰতৰ দৰে অনুষ্ঠানৰ সম্প্ৰচাৰৰ দ্বাৰা মানুহক আছন্ন কৰি ৰাখি ঘৰতেই আৱদ্ধ থাকিবলৈ উৎসাহ যোগাইছিল।

তদুপৰি, ৰাজহুৱা স্থানত বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰা, শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ যোগ তথা আয়ুৰ্বেদৰ প্ৰতি আকৰ্ষিত কৰা, ৰেইলৰ ডবাক আইছ’লেশ্যন ৱাৰ্ডলৈ পৰিৱৰ্তিত কৰা, পিপিই কিট আৰু মাস্ক প্ৰস্তুত কৰা আৰু দেশীয় প্ৰযুক্তিৰ কৰ’না পৰীক্ষা কিট উৎপাদনৰ দৰে বিষয়তো সফলতা কৰিছে।