NORTHEAST NOW (Assamese)

৬২ টকাত বুক কৰিছিল উবাৰ : গন্তব্যস্থান পোৱাৰ পিছত বিল আহিল ৭,৬৬,৮৩,৭৬২ টকা

March 31, 2024 5:57 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

এক অদ্ভুত ঘটনা সংঘটিত হৈছে দীপক টেংগুৰিয়া নামৰ এজন যুৱকৰ লগত। নয়ডাৰ বাসিন্দা যুৱকজনে কাৰ্যালয়লৈ যাবলৈ উবাৰ এপৰ পৰা অটো বুকিং কৰিছিল, য’ত ৬২ টকা ভাড়া দেখুৱাইছিল। 

কিন্তু নিৰ্দিষ্ট গন্তব্যস্থান পোৱাৰ পিছত যেতিয়া তেওঁ পেমেণ্ট কৰিবলৈ লৈছিল, তেতিয়া তেওঁ দেখিলে যে ভাড়া ৬২ টকা নহয় ৭,৬৬,৮৩,৭৬২ কোটি টকা ভাড়া দেখুওৱা হৈছে এপত।

গন্তব্যস্থানত গৈ যুৱকজনে কোটি কোটি টকাৰ বিল দেখি স্তম্ভিত হৈ পৰে।  উবাৰৰ এই কথা তেওঁ নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে। পোষ্টটো ভাইৰেল হোৱাৰ কিছু সময়ৰ পিছতে উবাৰ কৰ্তৃপক্ষই ক্ষমা বিচাৰি কয় যে বিষয়টো সন্দৰ্ভত তদন্ত চলোৱা হৈছে।

দীপক আৰু তেওঁৰ বন্ধু আশীষ মিশ্ৰই এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টোত আশীষে দীপকক বিলখন দেখুৱাবলৈ কয়। দীপকে মোবাইলত দেখুৱালে যে ৭ কোটি ৬৬ লাখ ৮৩ হাজাৰ ৭৬২ টকীয়া বিল আহিছে।

ইয়াৰে ৫ কোটি ৯৯ লাখ ৯ হাজাৰ ১৮৯ টকা ৱেটিং চাৰ্জৰ বাবে আৰু ৭৫ টকা প্ৰমোচন খৰচৰ বাবে লোৱা হৈছে। ইফালে আমোদজনক কথাটো হ’ল যে আহি পোৱাৰ পিছত উবেৰৰ অটো চালকজনে ১ মিনিটো অপেক্ষা কৰিব লগা হোৱা নাছিল।

দীপকে কয় যে তেওঁ জীৱনত কেতিয়াও ইমান শূন্য গণনা কৰা নাছিল। তেওঁৰ বক্তব্যৰ ভিত্তিত আশীষ মিশ্ৰ নামৰ বন্ধুজনে কয় যে, “আপুনি চন্দ্ৰযান বুকিং কৰিলেও ইমান টকা খৰচ নহ’লহেঁতেন।”

Related News