NORTHEAST NOW (Assamese)

বিবাহিত পুৰুষে আন মহিলাৰ সৈতে ‘লিভ-ইন ৰিলেশ্যন’ত থাকিব পাৰিবনে নোৱাৰিব? কি ক’লে ন্যায়ালয়ে?

November 15, 2023 10:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 15, 2023 10:36 am

পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ আন এগৰাকী মহিলাৰ সৈতে ‘অশ্লীল আৰু ব্যভিচাৰী জীৱন’ কৰিলে,. তাক ‘লিভ-ইন ৰিলেশ্যন’ত থকা বুলি ক’ব নোৱাৰি। – এই ৰায় দিছে পঞ্জাৱ আৰু পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে। 

পঞ্জাৱত সম্পৰ্কত থাকি একেলগে বাস কৰা এহাল দম্পতীয়ে সম্পৰ্কৰ সুৰক্ষা বিচাৰি কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰিছে পঞ্জাৱ আৰু পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কুলদীপ তিৱাৰীয়ে । 

দম্পতীহালে একক ন্যায়াধীশ বিচাৰপীঠত নিজৰ জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা বিচাৰিছিল। আবেদনকাৰীয়ে কৈছিল যে তেওঁলোক লিভ-ইন ৰিলেশ্যনশ্যিপত আছে। কিন্তু, মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সেইটো মানি নলয়। গতিকে তেওঁলোকে লিভ-ইন ৰিলেশ্যনত থকা দম্পতীৰ দৰে আদালতৰ পৰা সুৰক্ষা বিচাৰিছিল। কিন্তু, তেওঁলোকৰ সম্পৰ্কটোক লিভ-ইন ৰিলেশ্যন বুলি মানি ল’ব খোজা নাই।

শুনানিৰ সময়ত আদালতে পৰ্যবেক্ষণ কৰিছিল যে মহিলাগৰাকী অবিবাহিত আছিল যদিও পুৰুষজন বিবাহিত আছিল। সম্পৰ্কত জটিলতা থকাৰ বাবে পু্যৰুষগৰাকীয়ে পত্নীৰ সৈতে নাথাকে। কেৱল সেয়াই নহয়, মানুহজনৰ বৈবাহিক সম্পৰ্কৰ পৰা দুটা সন্তানো আছে। দুই সন্তান মাকৰ লগত থাকে। 

ন্যায়াধীশ কুলদীপ তিৱাৰীয়ে কয়, “তেওঁ পূৰ্বৰ পত্নীৰ লগত বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰ লগত আৰু কামুক আৰু ব্যভিচাৰী কামত লিপ্ত হৈছিল। ইয়াৰ বাবে তেওঁ ভাৰতীয় দণ্ডবিধিৰ ৪৯৪ বা ৪৯৫ নং ধাৰাত শাস্তিৰ সন্মুখীনো হ’ব পাৰে। কাৰণ এনে সম্পৰ্কক লিভ-ইন ৰিলেশ্যনশ্যিপ বুলি ক’ব নোৱাৰি।”

আনহাতে, মহিলাগৰাকীৰ পৰিয়ালৰ পৰা মৃত্যুৰ ভাবুকি পোৱা বুলি আবেদনকাৰীসকলে উত্থাপন কৰা অভিযোগো মিছা বুলি আদালতে জানিবলৈ দিয়ে। 

আদালতৰ মতে, “আবেদনকাৰীসকলে তেওঁলোকৰ অভিযোগৰ সমৰ্থনত সঠিক প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হৈছে। ভাবুকি দিয়া ধৰণৰ উদাহৰণো ক’তো দিয়া হোৱা নাই।” 

আদালতে আৰু কয়, “চাবলৈ গ’লে এই আবেদন ব্যভিচাৰৰ কোনো ধৰণৰ অপৰাধমূলক গোচৰৰ পৰা হাত সাৰিবলৈ কৰা হৈছে। সেয়েহে আদালতে তেওঁলোকে বিচৰা সকাহ প্ৰদানৰ কোনো নিৰ্দিষ্ট ভিত্তি বিচাৰি নাপালে। ফলস্বৰূপে তেওঁলোকৰ আবেদন নাকচ কৰা হ’ল।”

Related News