NORTHEAST NOW (Assamese)

পুনৰ কাশ্মীৰে লাভ কৰিব নেকি অনুচ্ছেদ ৩৭০! কেন্দ্ৰলৈ প্ৰশ্নবাণ উচ্চতম ন্যায়ালয়ৰ

August 29, 2023 9:44 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰক পুনৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰক “টাইমফ্ৰেম” বিচাৰিছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ গোটৰ শুনানি গ্ৰহণ কৰি কয় যে “গণতন্ত্ৰ পুনৰুদ্ধাৰ” গুৰুত্বপূৰ্ণ।

কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিচাৰপীঠক কোৱাৰ পিছতে শীৰ্ষ আদালতে এই পৰ্যবেক্ষণ কৰে যে ৰাজ্যখনক জম্মু-কাশ্মীৰ আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পদক্ষেপটো অস্থায়ী ব্যৱস্থা আৰু ভৱিষ্যতে পুনৰ ৰাজ্য হিচাপে ঘোষণা কৰা হ’ব। 

উচ্চতম ন্যায়ালয়ে ৩৭০ অনুচ্ছেদৰ সহায়ত ৩৭০ অনুচ্ছেদ সংশোধন কৰিব পাৰি নেকি বুলিও প্ৰশ্ন কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে, “৩৭০ নং অনুচ্ছেদৰ সহায়ত অন্যান্য বিধান সংশোধন কৰিব পাৰি কিন্তু ইয়াৰ সহায়ত ৩৭০ অনুচ্ছেদ নিজেই সংশোধন কৰিব পাৰিনে ? সেইটোৱেই বিষয়ৰ মূল কথা।”

এই সন্দৰ্ভত, সংবিধান সভাৰ অনুপস্থিতিত এই ব্যৱস্থা কেনেকৈ বাতিল কৰিব পাৰি সেই বিষয়ে বিচাৰপীঠে জানিবলৈ বিচাৰিছিল। বিচাৰপীঠে কয় যে যদিহে ৰাজ্যখনৰ সন্মতি সাপেক্ষে ৩৭০ অনুচ্ছেদৰ জৰিয়তে ৩৬৭ অনুচ্ছেদ সংশোধন কৰা হ’লহেঁতেন তেন্তে আবেদনকাৰীসকলে ইয়াৰ বাতিল কৰাৰ বাবে প্ৰত্যাহ্বান নজনালেহেতেঁন।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে এই ব্যৱস্থা বাতিল কৰাৰ সময়ত যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে। মেহতাই কয় যে, “যিহেতু তেতিয়া জম্মু-কাশ্মীৰত মন্ত্ৰী পৰিষদ নাছিল, সেয়েহে ৰাজ্যপালে সেই ক্ষমতাসমূহ প্ৰয়োগ কৰিছিল। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ সন্মতি সাপেক্ষে ৩৭০ অনুচ্ছেদ ব্যৱহাৰ কৰিছিল।”

Related News