খিলঞ্জীয়াৰ নেতৃত্ব দিব খোজা এচামে ভাবে আৰু আনকো ভবাব খোজে যে অসম চুক্তিৰ ছয় নম্বৰ দফাৰ আধাৰত ‘সাংবিধানিক ৰক্ষাকৱচ’ লৈ অসমীয়া ভাষাকো আৰু খিলঞ্জীয়াৰ স্বাৰ্থকো সুৰক্ষা দিব পৰা যাব। এইচামে ভাবি নাচায় যে কোনো ৰক্ষাকৱচে এটা ভাষাক ৰক্ষা কৰিব নোৱাৰে যদি ভাষাটো ব্যৱহাৰ কৰা লোকৰ সংখ্যা ক্ৰমাৎ কমি যায় আৰু থাকি যোৱাখিনিও বাস্তৱ পৰিস্থিতিৰ সৈতে খাপ খাব নোৱৰা আৰু নিজৰ ভিতৰত খোৱা-কামোৰা কৰা বিধৰ হয়।
ইন্দ্ৰই কৰ্ণৰ ৰক্ষাকৱচ, এপ’ল’ই পেট্ৰ’ক্লাছৰ ৰক্ষাকৱচ আৰু মোদী-শ্বাহে কাশ্মীৰৰ ৰক্ষাকৱচ কাঢ়ি নিয়াৰ দৰে কেন্দ্ৰীয় চৰকাৰে অসমীয়াক বা অসমৰ খিলঞ্জীয়াক আজি দিয়া ৰক্ষাকৱচ যে কাইলৈ কাঢ়ি নিনিব, তাৰ কি নিশ্চয়তা আছে? অসমীয়া ব্যৱহাৰকাৰীৰ অনুপাত যদি কমি যায়, তাৰ ঠাইত যদি বাংলা বা হিন্দী ব্যৱহাৰ কৰোতাৰ সংখ্যা বাঢ়ি যায় আৰু সম্ভাব্য ভৱিষ্যতৰ সেই সম্ভাব্য ভাষিক সংখ্যাগুৰুৰ স্বাৰ্থৰ সমুখত যদি তেতিয়াৰ ভাষিক সংখ্যালঘু অসমীয়াৰ বা খিলঞ্জীয়াৰ ‘ৰক্ষাকৱচ’ তেনেই এক আহুকাল বা সমস্যা হৈ পৰে, তেন্তে উক্ত ৰক্ষাকৱচ ভাঙি চূৰ-মাৰ কৰিবলৈ কেতেপৰ?
অৰ্থাৎ অসমীয়া ভাষা আৰু তাৰ ৰক্ষাকৱচ- উভয়ৰে মৃত্যু তেনেই সম্ভৱ। তেন্তে কঃ পন্থা? এটা ভাষাভিত্তিক জাতি বাছি থাকিব পাৰে, সমৃদ্ধ হৈ থাকিব পাৰে, ৰক্ষাকৱচ বিচৰা ধৰণৰ দুৰ্বলতাৰ মাজেদি নহয়, সংখ্যা আৰু গুণ উভয় দিশত প্ৰবল শক্তি ধাৰণৰ মাজেদিহে। ৰক্ষাকৱচ বিচাৰক, কিন্তু সংখ্যাগত আৰু গুণগত শক্তি আহৰণ কৰা আৰু বাহাল ৰখাৰ সংগ্ৰাম বাদ দি নহয়।
সংখ্যাৰ কথা প্ৰথমে পাতোঁ। এচাম ৰক্ষাকৱচ-প্ৰয়াসীয়ে অসমীয়াভাষী লোকৰ সংখ্যা কমি থাকিলেই ভাল পায় – সেইবাবে অসম চুক্তিৰ ছয় নম্বৰ দফাত থকা ‘অসমীয়া’ শব্দটো গুচাই ‘খিলঞ্জীয়া অসমীয়া’ সুমুৱাই দিব খোজে। কাৰণ, তেওঁলোকে ভাবে, অসমবাসীৰ বাবে ৰাষ্ট্ৰই এৰি দিয়া সীমিত সম্পদৰ ভাগ ৰক্ষাকৱচ পিন্ধি তেওঁলোকেই বেছিকৈ গ্ৰাস কৰিব পাৰিব। ৰক্ষাকৱচৰ বলত তেওঁলোকেই ‘প্ৰভুত্ব’ কৰি থাকিব। এই চিন্তাৰ প্ৰমাদবোৰ এনেকুৱা-
১) আন আন জনগোষ্ঠীৰ ওপৰত ‘প্ৰভুত্ব’ কৰাৰ বাসনা অগণতান্ত্ৰিক, অতএৱ আধুনিক যুগৰ বাবে অনুপযোগী। ২) ভাষিক সংখ্যালঘুৱে ৰাষ্ট্ৰদত্ত ৰক্ষাকৱচৰ জোৰত ভাষিক সংখ্যাগুৰুৰ ওপৰত প্ৰভুত্ব কৰিব পাৰিব বুলি ভবাটো আকাশত চাং পতা কথা এইবাবেই যে ৰাষ্ট্ৰই সংখ্যাগুৰুক (বিশেষকৈ তেওঁলোক যদি সচেতন সম্প্ৰদায় হয় – অসমীয়াৰ দৰে নহয়!) অসন্তুষ্ট কৰিব নোখোজে। ৩) এফালেদি অখিলঞ্জীয়া বুলি ঠাৱৰ কৰি অসমীয়াৰ মাজতে চাহ জনগোষ্ঠী আৰু বৈধ ভাৰতীয় মিঞাখিনিক একাষৰীয়া কৰাৰ প্ৰৱণতাই সংখ্যাগতভাৱে শক্তিশালী অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত আউল লগাব আৰু আনফালে স্বয়ং ৰক্ষাকৱচৰে ওপৰত দেখুওৱা ধৰণৰ অসুৰক্ষিত চৰিত্ৰই মূৰকত খিলঞ্জীয়াৰো স্বাৰ্থ ৰক্ষা নকৰিব। আমি পৌছিব নোৱাৰিম ইকুলো, সিকুলো। ৪) উক্ত দুই জনগোষ্ঠীৰ সৈতে ভ্ৰাতৃত্ব নিকপকপীয়া নহ’লে সংখ্যালঘু খিলঞ্জীয়াক ৰাষ্ট্ৰই ভৱিষ্যতে মুঠেই কেৰেপ নকৰিব। (একেদৰে খিলঞ্জীয়াৰপৰা আতৰি গৈ স্বকীয় ভাগ্য অন্বেষণ কৰিব গ’লে উক্ত দুই জনগোষ্ঠীও ৰাষ্ট্ৰৰ কূটিল খেলৰ পাশাগুটিত পৰিণত হ’ব। মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই।)
এতিয়া গুণৰ কথা। মধ্যবিত্ত নেতৃত্বাধীন খিলঞ্জীয়াৰ কিমানে অসমীয়া ভাষাটোক আন্তৰিকতাৰে, বিবেকী চিন্তাৰে গ্ৰহণ কৰিছে, চৰ্চা কৰিছে, ‘সুৰীয়া মাত, সুৱদী মাত’ বুলি কলিজাত থাপি লৈছে? আজি ঘৰে-বাহিৰে, টিভিয়ে-কাকতে কিমানে ভাষাটোৰ আপোন কালিকা আপোন কৰি লোৱা দেখা গৈছে, কিমানে ভাষাটো শুদ্ধকৈ কোৱাত, লিখাত গুৰুত্ব দিছে? কিমানে নিজৰ উত্তৰ প্ৰজন্মক অসমীয়া মাধ্যমৰ পৰা বহিষ্কাৰ কৰি ভাষাৰ আৰু জাতিৰ মাথা নোচোবোৱাকৈ আছে? শংকৰ-মাধৱ-আজান ফকীৰৰ নামত, নৱকান্ত-দেৱকান্তৰ ভাৱনাত, জ্যোতি-বিষ্ণুৰ প্ৰতি আবেগত, উত্তৰ প্ৰজন্মৰ কিমানৰ তেজৰ সোঁত খৰতকীয়া হয় এতিয়া? আমি খিলঞ্জীয়াই নিজেইচোন এনে পৰিৱেশ ৰচনা কৰি পেলাইছোঁ যাতে আমাৰ উত্তৰ পুৰুষে অসমৰ ভাষা, সংস্কৃতি, ভূগোল, বুৰঞ্জীৰ প্ৰতি লেশমানো আৱেগ, তিলমানো দায়িত্ব, অনুভৱ নকৰে!
চকুৰ সমুখতেইচোন অসমীয়া শুদ্ধকৈ ক’বপৰা, লিখিব পৰা আৰু ক’ব বিচৰা, লিখিব বিচৰা খিলঞ্জীয়া মানুহৰ সংখ্যা হো-হোৱাই কমি গৈ আছে! দুই দশকমান পিছত অসমীয়া গ্ৰন্থ-কাকত-আলোচনী পঢ়া মানুহ থাকিবনে, অসমীয়া লেখকৰ বাবে প্ৰেৰণা বাচি থাকিবনে? সেই সময়ত ৰাষ্ট্ৰই ভাষাৰ ৰক্ষাকৱচ গুচাই দিয়াৰ কুৰুং-কাৰাং কৰিলে জাগি-জ্বলি উঠিবলৈ পৰ্যাপ্ত সংখ্যক খিলঞ্জীয়া উত্তৰ পুৰুষ থাকিবনে? নে তাৰ বেছিভাগেই বিশ্বায়নৰ প্ৰভাৱত, ইংৰাজী-হিন্দীৰ প্ৰভাৱত, বিশ্বায়িত হৈ অসমীয়াৰো, খিলঞ্জীয়াৰো স্বাৰ্থলৈ পিঠি দিব? অৰ্থাৎ কেৱল যে বাহিৰৰপৰা ‘কেব’ ‘ব্যাধেই ধায়া আসে’ সেয়া নহয়, আমি ভিতৰৰ পৰাও এক ঘূণে ধৰা জাতিত পৰিণত হৈছোঁ।
ইতিহাসৰ এই সংকেত আজিৰ সংকট মুহূৰ্তত উপলব্ধি নকৰিলে অসমীয়া, খিলঞ্জীয়া, মিঞা সকলোৰে বাবেই বিপদ। আমি সসন্মানে জীয়াই থাকিম অন্তৰ্ভুক্তি (inclusion)-ৰ পথেদিহে, বহিষ্কৰণৰ (exclusion)-ৰ পথেদি নহয়। এই পৰ্যন্ত অসমীয়া পৰিচয় দি থকা জনগোষ্ঠীসমূহৰ গণতান্ত্ৰিক আৰু আন্তৰিক ঐক্যহে আমাৰ আচল ৰক্ষাকৱচ – ইয়াৰ জৰিয়তেহে আমি ৰাষ্ট্ৰৰো আৰু আন আন জন-সম্প্ৰদায়ৰো সমীহ অৰ্জন কৰিম। মিঞা আৰু চাহ জনগোষ্ঠীৰ জনসংখ্যাই আমাৰ সম্পদৰ ওপৰত হেঁচা দি আছে বুলি ভবাসকলে দুটামান কথা মনেই নকৰে। যেনে –
১) এই দুই জনগোষ্ঠীয়ে অসমৰ জাতীয় শ্ৰমৰ এক গুৰুত্বপুৰ্ণ অংশ সমাধা কৰে। ২) এওঁলোকক ব্রিটিছে আনিছিল সম্পদ গঢ়িবলৈ। ৩) এই দুই সম্প্ৰদায় ঘাইকৈ কৃষক। কিন্তু, খিলঞ্জীয়াৰ মাজত এতিয়া কৃষিৰ পৰা আঁতৰাৰ প্ৰৱণতাহে প্ৰবল। ৪) ঐক্যৰ মাজেদি শক্তিশালী জাতি গঠন কৰি, সংগ্ৰামৰ পথেদি অসমৰ বিপুল সম্পদৰ ওপৰত অসমবাসীৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিলে কাৰো আৰ্থিক নিৰাপত্তা বিঘ্নিত নহয়। তাৰ বিপৰীতে, কেৱল সোণৰ হৰিণসম ৰাষ্ট্ৰদত্ত ৰক্ষাকৱচৰ মায়াত বিভেদৰ পথেৰে এক দুৰ্বল জাতিত পৰিণত হ’লে অসমৰ সম্পদ বাহিৰৰ শক্তিক লুটিব দি সিহঁতৰ এৰেহাখিনিকে প্ৰসাদ বুলি গ্ৰহণ কৰাই সাৰ হ’ব।
ৰক্ষাকৱচে আমাক ৰক্ষা কৰি থাকিব বুলি ভাবি জাতিধ্বংসী, অসাংবিধানিক “কেব” আদৰি ল’লে জাতি-মাটি-ভেটি-ভাষাৰ বিপদ হ’ব খৰতকীয়া।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা
ইমেইল : [email protected]