• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ডায়েবেটিছ ৰোগী যক্ষ্মা ৰোগত আক্ৰান্ত হ’ব পাৰেনে? দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসকৰ কিছু পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2025 8:00 am
ডায়েবেটিছ ৰোগী যক্ষ্মা ৰোগত আক্ৰান্ত হ’ব পাৰেনে? দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসকৰ কিছু পৰামৰ্শ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত যক্ষ্মা ৰোগক লৈ পুনৰ উদ্বেগ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত কেইমাহমানত পশ্চিম বংগকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত যক্ষ্মা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগ নিৰ্ণয় নোহোৱা ৰোগীৰ সংখ্যাও কম নহয়। যি আনলৈও এই সংক্ৰমণ বিয়পাইছে। গতিকে যক্ষ্মা ৰোগৰ পৰা হাত সাৰিবলৈ সজাগ হোৱাটো বাঞ্ছনীয়। বিভিন্ন স্থানত সজাগতা শিবিৰৰো আয়োজন কৰা হৈছে। সাধাৰণতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’লে বা দীৰ্ঘদিনীয়া ৰোগ হ’লে যক্ষ্মা ৰোগৰ আশংকা বৃদ্ধি পায়। এই ক্ষেত্ৰত ডায়েবেটিছ ৰোগীসকলৰো আক্ৰান্ত হোৱাৰ আশাংকা বাঢ়িছে।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত প্ৰতি তিনি মিনিটৰ মূৰে মূৰে প্ৰায় দুজন যক্ষ্মা ৰোগীৰ মৃত্যু হয়। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, পুষ্টিহীনতা আৰু বিভিন্ন দীৰ্ঘদিনীয়া ৰোগৰ বাবেই যক্ষ্মা ৰোগীৰ মৃত্যু হৈছে। ডায়েবেটিছ, এইডছ, কেন্সাৰৰ কেমোথেৰাপি লোৱা ৰোগীৰো এই ৰোগ হোৱাৰ আশংকা থাকে বুলি  উল্লেখ কৰিছে। গতিকে যদি আপুনি যক্ষ্মা ৰোগত আক্ৰান্ত হয় তেন্তে ই অতি সোনকালে বিয়পিব পাৰে।

যক্ষ্মা ৰোগৰ পৰা হাত সাৰিবলৈ যিমান পাৰি সোনকালে টিকা লোৱাটো অতি প্ৰয়োজনীয়। এইমছৰ পালমোন’লজিষ্ট সন্দীপ কাদিয়ানে ইনচুলিন গ্ৰহণ কৰিবলগীয়া ডায়েবেটিছ ৰোগীক বিচিজি টিকাকৰণৰ পৰামৰ্শ দিয়ে। এই ভেকচিনে যক্ষ্মা ৰোগৰ বেক্টেৰিয়া প্ৰতিৰোধ কৰিব পাৰে বুলি উল্লেখ কৰিছে।

ডাঃ অৰুণাংশু তালুকদাৰৰ মতে উপযুক্ত পুষ্টিৰ দ্বাৰা যিকোনো ধৰণৰ যক্ষ্মা ৰোগৰ সম্ভাৱনা প্ৰায় ৪০ শতাংশ হ্ৰাস পাব পাৰে। তেওঁৰ মতে ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে সকলো খাদ্য খাব নোৱাৰিব, কিন্তু শাক-পাচলি আৰু প্ৰ’টিন সমৃদ্ধ খাদ্য বেছিকৈ খাব লাগে বুলি উল্লেখ কৰিছে। শাক-পাচলিৰ প্ৰটিন যেনে বিভিন্ন দালি, বীন আৰু সৰিয়হ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু আঁহযুক্ত শাক-পাচলি খাব লাগে বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকাটো অতি প্ৰয়োজনীয়। হাঁচি বা কাহ হ’লে মুখখন ঢাকি ৰাখিব লাগে। বাহিৰলৈ ওলাই যাওঁতে মাস্ক পৰিধান কৰাটো প্ৰয়োজনীয়। আৱদ্ধ ঠাইত থাকিব নালাগে। মুকলি, বায়ুমণ্ডলীয় ঠাইত থাকিব লাগে। ঘৰৰ কাৰোবাৰ চৰ্দি বা এলাৰ্জী হ’লে তেওঁলোকে ব্যৱহাৰ কৰা বস্তুৰ পৰা আঁতৰি থাকিব লাগে। আক্ৰান্ত ব্যক্তিৰ লগত খাদ্য ভাগ কৰিব নালাগে। পানীৰ বটলটোও পৃথকে ৰাখিব লাগে বুলি চিকিৎসকে পৰামৰ্শ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am
ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am
ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd