‘স্বাধীনতা সংগ্ৰামৰ সেনানীকো ইংৰাজে কষ্ট দিছিল, কিন্তু তেওঁলোকৰ মনোবল ভঙা নাছিল’: কাৰাগাৰৰ ভিতৰৰ পৰাই চিছ’দিয়াৰ বাৰ্তা

Manish Sisodia

বিগত মাহৰ শেষৰফালে দিল্লীৰ সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰক কটাক্ষ কৰি এক বাৰ্তা প্ৰেৰণ কৰিছে।

চিছ’দিয়াৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ পোৱা এই বাৰ্তাটোত কাৰাগাৰলৈ প্ৰক্ষেপ কৰিলেও তেওঁৰ মনোবল ভাঙিব নোৱাৰে বুলি সকীয়াই দিছে। এই প্ৰসঙ্গতে চিছ’দিয়াই ব্ৰিটিছ উপনিৱেশৰ সময়ত ভাৰতীয় জনসাধাৰণে চলোৱা স্বাধীনতা সংগ্ৰামৰ প্ৰসঙ্গও উত্থাপন কৰিছে।

বাৰ্তাটোত চিছ’দিয়াই কয়, “চাহাব, মোক কাৰাগাৰত ভৰাই মোক কষ্ট দিব পাৰে। কিন্তু মোৰ মনোবল ভাঙিব নোৱাৰে। ইংৰাজেও স্বাধীনতা সংগ্ৰামীসকলক কষ্ট দিছিল, কিন্তু তেওঁলোকৰ মনোবল ভাঙি যোৱা নাছিল।”

সুৰা নীতিৰ কেলেংকাৰিৰ গোচৰত আপ নেতাগৰাকীক সাত দিনৰ বাবে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে আজি তেওঁ কাৰাগাৰৰ পৰা এই বাৰ্তা প্ৰেৰণ কৰিছে।

 

উল্লেখ্য যে, তিহাৰ কাৰাগাৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰাৰ অন্তত বৃহস্পতিবাৰে কেন্দ্ৰীয় এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বে চিবিআই- য়েও একেটা গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

কালি শুনানিৰ সময়ত চিছ’ডিয়াৰ অধিবক্তাই ইডিক কঠোৰ সমালোচনা কৰি তদন্ত সংস্থাটোৱে আইনৰ যথাযথ প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকৈয়ে গ্ৰেপ্তাৰক অধিকাৰ হিচাপে বিবেচনা কৰিছে বুলি মন্তব্য কৰিছিল।

বিশেষ আদালতত চিছ’ডিয়াৰ অধিবক্তা দয়ান কৃষ্ণই বৰ্তমান কেন্দ্ৰীয় সংস্থাসমূহে গ্ৰেপ্তাৰক অধিকাৰ হিচাপে লোৱাটো এটা ফেশ্বন হৈ পৰিছে বুলি উল্লেখ কৰিছিল। তেওঁ লগতে এই আদালতে আদালতে গুৰুত্ব দিয়াৰ সময় আহি পৰিছে বুলিও আদালতক আহ্বান জনাইছিল।