তৃতীয়বাৰলৈ কানাডাৰ প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত জাষ্টিন ট্ৰুডো

ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে কানাডাৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ল জাষ্টিন ট্ৰুডো। ট্ৰুডোৱে প্ৰধানমন্ত্ৰী পদ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’লেও তেওঁৰ দল লিবাৰেল পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ব্যৰ্থ হয়।

বৰ্তমানলৈকে ভোটগণনা অব্যাহত আছে। দেশখনৰ ৩৩৮খন হাউচ অৱ কমনচ আসনৰ ১৫৬ৰ পৰা ১৭০ খন আসন লিবাৰেল পাৰ্টিয়ে লাভ কৰিব বুলি ইতিমধ্যে আশাপ্ৰকাশ কৰিছে।

বিৰোধী দল দ্যা কনজাৰ্ভেটিভছ পাৰ্টিয়ে আশা কৰিছে ১২২ খন আসন।

আনহাতে, শিখ সম্প্ৰদায়ৰ নেতা জগমীত সিঙৰ নেতৃত্বত গঠন হোৱা বাওঁপন্থী দল নিউ ডেম’ক্ৰেটছ পাৰ্টিয়ে অতি কম পৰিমাণৰ আসন লাভতে ক্ষান্ত থাকিব লগা হৈছে। উল্লেখযোগ্য যে বাওঁপন্থী দলটোৱে ‘tax the ultra-rich’ উচ্চবিত্তীয় লোকসকলৰ ওপৰত কৰ জাপি দিয়াৰ দাবীৰে চৰ্চা লাভ কৰি আহিছে।

উল্লেখযোগ্য যে কানাডাৰ এই নিৰ্বাচনটো পূৰ্বনিৰ্ধাৰিত সময়ৰ আগতীয়াকৈ অনুষ্ঠিত কৰা হৈছিল। দেশখনত ক’ভিড মহামাৰিৰ চতুৰ্থ ঢৌ চলি থকাৰ সময়তে অনুষ্ঠিত হোৱা নিৰ্বাচনটো কানাডাৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল নিৰ্বাচন হিচাপে বিবেচিত হৈছে। নিৰ্বাচনটোৰ খৰচৰ পৰিমাণ প্ৰায় ৪৭০ মিলিয়ন ডলাৰ বুলি ঠাৱৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে ২০১৯ চনত এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইমান কম সময়ৰ ব্যৱধানত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ দেশখনৰ বিৰোধী নেতাসকলে সমালোচনাত মুখৰ হৈ পৰিছিল। তেওঁলোকে ইয়াক সময় আৰু টকাৰ অপব্যয় বুলি অভিহিত কৰিছিল।

প্ৰধানমন্ত্ৰীৰ পদত পুনৰ অধিষ্ঠিত হৈ ট্ৰুডোৱে কানাডাবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছে। এটা টুইটযোগে ট্ৰুডোৱে কয় যে কানাডাৰ জনসাধাৰণে প্ৰগতিশীল চিন্তাক আদৰি লৈছে। তেওঁৰ চৰকাৰে ক’ভিডৰ বিৰুদ্ধে যুদ্ধ আৰু দেশখনৰ জনসাধাৰণক সেৱা কৰি যাব বুলিও প্ৰধানমন্ত্ৰীজনে কয়।