NORTHEAST NOW (Assamese)

ভাৰতৰ পিছত এইবাৰ কানাডাই বন্ধ কৰিলে ‘টিকটক’

February 28, 2023 9:20 am · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ কানাডাৰ চৰকাৰে চীনৰ ছছিয়েল মিডিয়া এপ টিকটকৰ ওপৰত জাৰী কৰিছে নিষেধাজ্ঞা।

সোমবাৰে দেশখনে এই নিষেধাজ্ঞা ঘোষণা কৰি কয় যে এই এপটোৱে কানাডাৰ গোপনীয়তা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই আনিছে। চীনৰ বাইটডান্স লিমিটেডৰ মালিকানাধীন টিকটক সম্পৰ্কে শেহতীয়াকৈ বিশ্বৰ প্ৰায়বোৰ দেশেই উদ্বেগ প্ৰকাশ কৰিছে।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সাংবাদিকৰ আগত কয় যে তেওঁৰ চৰকাৰে কানাডাৰ লোকসকলৰ অনলাইন সুৰক্ষা কেনেকৈ নিশ্চিত কৰিব পাৰি সেই বিষয়ে চকু ৰাখিছে।

কানাডাই টিকটক বন্ধ কৰি দিয়াৰ বাবে টিকটকৰ এগৰাকী মুখপাত্ৰই কয় যে এই সিদ্ধান্তত কোম্পানীটো হতাশ হৈ পৰিছে।

বিবিচিৰ মতে, ইউৰোপীয় ইউনিয়নেও টিকটকক নিষেধাজ্ঞা ঘোষণা কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে কানাডাটো টিকটক বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰা হৈছে।

উল্লেখ্য যে যোৱা বছৰৰ শেষৰ ফালে আমেৰিকাৰ কৰ্মচাৰীসকলক টিকটক ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ পিছত যোৱা সোমবাৰে হোৱাইট হাউছে চৰকাৰী সংস্থাসমূহক তেওঁলোকৰ চিষ্টেমৰ পৰা এই এপটো আঁতৰাই দিবলৈ ৩০ দিনৰ সময় দিয়ে।

Related News