কানাডাৰ সংসদে চীনৰ বিৰুদ্ধে এটা প্ৰস্তাৱ গৃহিত কৰিছে যে চীনে দেশখনৰ সংখ্যালঘু সম্প্ৰদায় উইঘূৰসকলৰ ওপৰত অত্যাচাৰ কৰি আহিছে।
পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশত থকা মুছলিম সম্প্ৰদায়ৰ এই উইঘূৰসকলক কৰা অত্যাচাৰক কানাডাৰ সংসদে ‘গণহত্যা’ বুলি অভিহিত কৰিছে।
কানাডাৰ বিৰোধী দল কনজাৰ্ভেটিভ পাৰ্টিৰ তৎপৰতাত সংসদত সোমবাৰে ২৬৬জন সাংসদৰ সমৰ্থনত গ্ৰহণ কৰা প্ৰস্তাৱটোৰ পৰা দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকল আঁতৰি থাকে।
কনজাৰ্ভেটিভ পাৰ্টিয়ে এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোক সমালোচনা কৰিছে আৰু প্ৰধানমন্ত্ৰীজনে চীনক গৰিহণা দিবলৈ দাবী উত্থাপন কৰিছে।
‘‘এক মিলিয়নতকৈও অধিক উইঘূৰ আৰু অন্যান্য টুৰ্কীক মুছলিম আশ্ৰয় শিবিৰত বাস কৰিছে। অত্যাচাৰৰ সাক্ষী আৰু ভুক্তভোগীসকলৰ ভাষ্যসমূহ আমি শুনাৰ পাছত বুজি উঠিছো যে এয়া অতি আতংকময়।’’ কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা এৰিন অ’টুলে এইদৰে কয়।
উল্লেখযোগ্য যে চীনৰ বেইজিঙত ২০২২ চনৰ উইণ্টাৰ অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছে আৰু যদিহে উইঘূৰসকলৰ ওপৰত চীনৰ অত্যাচাৰ অব্যাহত থাকে, তেন্তে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে অলিম্পিক প্ৰতিযোগিতাখনি স্থানান্তৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিক হেচাপ্ৰদান কৰিব।
ৰাষ্ট্ৰসংঘ আৰু মানৱাধিকাৰ সংস্থাসমূহে প্ৰকাশ কৰামতে কমেও ১ মিলিয়ন উইঘূৰ সম্প্ৰদায়ৰ মুছলিম সংখ্যালঘু লোকক পশ্চিম চীনৰ অতি দুৰ্গম জিনজিয়াং প্ৰদেশৰ আশ্ৰয়শিবিৰত আটক কৰি ৰখা হৈছে।
আনহাতে চীনে এই অভিযোগসমূহ নাকচ কৰি ইয়াৰ দ্বাৰা সংখ্যালঘু সম্প্ৰদায়টোক ইচলামিক উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিবলৈ সামৰিক শিক্ষা প্ৰদান কৰি অহা বুলি বাৰ্তা প্ৰেৰণ কৰি আহিছে।
কানাডাৰ কনজাৰ্ভেটিভ পাৰ্টিৰ এই প্ৰস্তাৱক অস্বীকাৰ কৰি চীনৰ বৈদেশিক মন্ত্ৰালয়ে এইসমূহ তথ্যভিত্তিক নহয় বুলি বক্তব্য প্ৰদান কৰিছে।
তদুপৰি জিনজিয়াং প্ৰদেশত কোনো তথাকথিত ‘গণহত্যা’ হোৱা নাই বুলি কানাডাত থকা চীনৰ ৰাষ্ট্ৰদূত কং পেইউৱে কয় যে এইক্ষেত্ৰত বেইজিঙৰ আচৰণ কানাডাৰ প্ৰতি কঠোৰ হ’ব।
তদুপৰি চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি চীন-কানাডাৰ সম্পৰ্কত ব্যাঘাত নাহানিবলৈও ৰাষ্ট্ৰদূতজনে সকিয়নী প্ৰদান কৰে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডণাল্ড ট্ৰাম্পে তেওঁৰ কাৰ্যকালৰ অন্তিম দিনটোত চীনে উইঘূৰসকলৰ ওপৰত কৰা অত্যাচাৰক ‘‘মানৱতা বিৰোধী’’ অপৰাধ হিচাপে অভিহিত কৰিছিল।
যোৱা মাহতো ইংলেণ্ড তথা যুক্তৰাজ্যই মানৱাধিকাৰ ভংগৰ অভিযোগত চীনক জগৰীয়া কৰিছে।
উল্লেখযোগ্য যে কানাডাৰ বিৰোধী দলে গ্ৰহণ কৰা এই প্ৰস্তাৱটোৰ প্ৰতিক্ৰিয়াস্বৰূপে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে লোৱা সিদ্ধান্তই কানাডা-চীনৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব।