লকডাউন উলংঘা কৰি পদত্যাগ কৰিবলগীয়া হ’ল কানাডাৰ বিত্তমন্ত্ৰীয়ে

WhatsApp Image 2021-01-01 at 1.13.59 PM

ৰড ফিলিপছ। ফটো: সংগৃহিত।

লকডাউন উলংঘা কৰি কেৰিবিয়ান দ্বীপপুঞ্জত ভ্ৰমণ কৰিবলৈ গৈছিল কানাডাৰ অ’ন্টাৰিঅ’ প্ৰদেশৰ বিত্তমন্ত্ৰী ৰড ফিলিপছে।

ইয়াৰ বাবেই তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ল। প্ৰদেশখনৰ প্ৰিমিয়াৰে এই বিষয়টি নিশ্চিত কৰি ঘোষণা কৰিছে।

বাতৰি অনুসৰি, এনে ঘটনাৰ বাবে মন্ত্ৰী ফিলিপছে ক্ষমা বিচাৰি কয় যে এই ভ্ৰমণ আছিল তেওঁৰ এক বৃহৎ ভুল।

অ’ন্টাৰিঅ’ প্ৰদেশৰ প্ৰিমিয়াৰ ডগ ফ’ৰ্ডে জানিবলৈ দিয়ে যে তেওঁৰ চৰকাৰে দায়িত্ব পালনৰ প্ৰতিশ্ৰুতি পূৰণত সৰ্বাধিক গুৰুত্ব দিছে। ইয়াৰ বাবেই ফিলিপছে পদত্যাগ কৰিবলগীয়া হৈছে।

কোৱা হৈছে যে কৰ’না সংক্ৰমণৰ নতুন ৰেকৰ্ড হোৱাৰ বাবে কানাডাৰ আটাইতকৈ জনবহুল প্ৰদেশখনৰ চৰকাৰে বাসিন্দাসকলক অপ্ৰয়োজনীয় ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছিল।

কিন্তু ইয়াৰ মাজতে প্ৰগ্ৰেছিভ কনজাৰভেটিভ পাৰ্টিৰ সদস্য ফিলিপছে কেৰিবিয়ান দীপপুঞ্জলৈ ব্যক্তিগত ভ্ৰমণত গৈছিল। ১৩ডিচেম্বৰত ছেন্ট বাৰ্টছলৈ গৈ তেওঁ বৃহস্পতিবাৰে ঘুৰি আহে।

ইপিনে, বৰদিন আৰু ইংৰাজী নৱবৰ্ষৰ ছুটীৰ দিনত অন্টাৰিঅ’ৰ স্বাস্থ্য বিষয়াসকলে প্ৰদেশখনৰ নাগৰিকসকলক ঘৰৰ বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিছিল।

এনে পৰিস্থিতিত কৰ’না পৰিস্থিতিক উপেক্ষা কৰি মন্ত্ৰী ফিলিপছে ভ্ৰমণলৈ গৈ মন্ত্ৰীপদ হেৰুৱাবলগীয়া হ’ল।