গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰিবলৈ লোৱা সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এই সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ দাবী জনাইছে।
যোগাযোগৰ ক্ষেত্ৰত সুবিধাজনক অৱস্থা আৰু শেহতীয়াকৈ আন্তঃগাঁথনিৰ উন্নয়ণ কৰাৰ পিছত হঠাৎ উচ্চ ন্যায়ালয়ৰ স্থান সলনি কৰিবলৈ ওলোৱাটো টোঘলকী কাণ্ড হিচাপেই বিবেচিত হৈছে। মুখ্যমন্ত্ৰীকে ধৰি একাংশ মন্ত্ৰীৰ ন্যস্ত স্বাৰ্থ জড়িত কাৰণতেই উচ্চ ন্যায়ালয়ৰ স্থান সলনিৰ দৰে পদক্ষেপ লৈছে বুলি অভিযোগ উঠিছে। চৰকাৰৰ সিদ্ধান্তক ইতিমধ্যে বাৰ এছ’চিয়েচন, অধিবক্তা সমাজ, ৰাজনৈতিক দলৰ লগতে সৰ্বসাধাৰণ ৰাইজেও বিৰোধিতা কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ টোগলকী কাণ্ডকলৈ সৰ্বসাধাৰণ ৰাইজৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু তীব্ৰ আপত্তি কৰিছে।
উল্লেখ কৰিব পাৰি যে অধিবক্তা সমাজৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থান সলনিৰ বিষয়টো পুনৰ বিবেচনা কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ এই আশ্বাসৰ বিপৰীতে কামৰূপ জিলাৰ আয়ুক্তৰ অধীনত ৰংমহলত ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰিছে।
গুৰুত্বপূৰ্ণ কথাটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ভৱনৰ কাষতে শ শ কোটি টকা ব্যয় কৰি উচ্চ ন্যায়ালয়ৰ নতুন ভৱন নিৰ্মাণ কৰিছে, এনে অৱস্থাত স্থানান্তৰৰ বাবে মাটি অধিগ্ৰহণ কৰিব ওলোৱাটো ৰহস্যৰ বিষয়। ইতিমধ্য বাৰ এছ’চিয়েচনে অসম চৰকাৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰাৰ লগতে আন্দোলন কাৰ্যসূচীও গ্ৰহণ কৰিছে। ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে বাৰ এছ’চিয়েচনৰ আন্দোলন কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছে আৰু চৰকাৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।