• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আশাৰ বতৰা: সহজসাধ্য হোৱাৰ দিশে কেঞ্চাৰৰ চিকিৎসা; আমেৰিকাত লাভ কৰিছে সফলতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2022 11:55 am
Cancer treatment
975
VIEWS
Share on FacebookShare on Twitter

ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে কৰ্কট ৰোগে সম্প্ৰতি আতংকৰ সৃষ্টি কৰিছে। কৰ্কট যদিও এতিয়া দুৰাৰোগ্য হৈ থকা নাই তথাপি বহু সময়ত ই প্ৰাণঘাতক হিচাবে পৰিগণিত হৈ আহিছে। বিশেষকৈ দীঘলীয়া তথা কঠিন আৰু ব্যয়বহুল চিকিৎসা পদ্ধতিৰ বাবে কৰ্কট ৰোগৰ ভয়াৱহতা অধিক হৈ পৰে।

কিন্তু সম্প্ৰতি প্ৰকাশিত এক খবৰে এই ৰোগৰ ৰোগীৰ ক্ষেত্ৰত আনিছে এক আশাৰ বতৰা। শেহতীয়াকৈ আমেৰিকাত এক পৰীক্ষণৰ সময়ত মাত্ৰ এবিধ দৰব ব্যৱহাৰ কৰিয়েই বহু ৰোগীয়ে কৰ্কটৰ দৰে মাৰক ৰোগৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে বুলি দাবী কৰা হৈছে।

এই খবৰে এতিয়া আশান্বিত কৰি তুলিছে বিশ্বৰ স্বাস্থ্য বিজ্ঞানী তথা চিকিৎসকসকলক। মাত্ৰ এবিধ দৰব কেইদিনমানৰ বাবে ব্যৱহাৰ কৰিয়েই শৰীৰক কৰ্কটমুক্ত কৰিব পৰাৰ ঘটনাই এতিয়া নতুন আশাৰ ৰেঙণি দেখুৱাইছে।

আমেৰিকাত মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান ৰোগীয়ে পৰীক্ষামূলকভাবে এবিধ বিশেষ দৰব ব্যৱহাৰ কৰি কৰ্কটমুক্ত হ’ব পাৰিছে। দৰব বিধৰ পৰীক্ষণ কৰিবলৈ কৰ্কট ৰোগত আক্ৰান্ত ১৮ ৰোগীক বাছি লোৱা হৈছিল।

ছয় মাহৰ বাবে তেওঁলোকক ডষ্টাৰলিমাব নামৰ ঔষধ বিধ গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। ছমাহৰ পিছত কৰা পৰীক্ষাত এই কথা প্ৰমাণ হয় যে তেওঁলোকৰ প্ৰত্যেকৰেই দেহৰ পৰা কৰ্কট সৃষ্টি কৰা টিউমাৰ নাইকিয়া হৈ পৰিছে।

স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ডষ্টাৰলিমাব নামৰ ঔষধ বিধে মানৱ শৰীৰত বিকল্প এণ্টিবডী হিচাপে কাম কৰে। এই দৰব বিধে সেয়ে ১৮ গৰাকী ৰোগীৰেই কৰ্কট নিৰাময় কৰিবলৈ সক্ষম হৈছে।

এণ্ডোস্কোপী; পজিট্ৰন এমিছন টমোগ্ৰাফী , পিইটি স্কেন, এমআৰআই স্কেন আদি কৰাৰ পিছত ৰোগী কেইগৰাকীৰ দেহত কৰ্কট সৃষ্টিকাৰী টিউমাৰ নোহোৱা হৈ পৰাৰ কথা প্ৰমাণ হৈছে।নিউয়ৰ্কৰ মেম’ৰিয়েল স্লোয়ান কেটাৰিং কেন্সাৰ চেণ্টাৰৰ বিশেষজ্ঞ ডাঃ লুইছ এ. ডিয়াজ জেয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ ইতিহাসত এনেধৰণৰ সাফল্যৰ ঘটনা এয়াই প্ৰথম বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে এই ঔষধ ব্যৱহাৰৰ পূৰ্বে ৰোগীসকলৰ কৰ্কট ৰোগৰ কোষ ধ্বংস কৰিবলৈ কেমোথেৰাপী, ৰে’, অস্ত্ৰোপচাৰ আদিও কৰা হৈছিল যদিও বিশেষ সুফল পোৱা নাছিল। কিন্তু ডষ্টাৰলিমাব নামৰ ঔষধবিধ পৰীক্ষামূলক ভাবে ব্যৱহাৰ কৰাৰ পিছতে তেওঁলোকে ফল লাভ কৰিবলৈ সক্ষম হয়।

অৱশ্যে এই ঔষধ বিধে শৰীৰৰ আন অংশত হোৱা কৰ্কট ৰোগ নিৰাময় কৰিব পাৰিবনে নাই সেই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কলোৰেক্টল কৰ্কট বিশেষজ্ঞ ডাঃ এলান পি ভেনুকে।

Recent News

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd