মূত্ৰথলীৰ কৰ্কটৰোগ : ডাঃ বিক্ৰম কুমাৰ ডেকা

মূত্ৰথলী শব্দটোৱেই সূচায় ইয়াৰ অৰ্থ। অৰ্থাৎ আমাৰ দেহৰ যি অংশত মূত্ৰ বা প্ৰস্ৰাৱ জমা হয়,সেই অংশই হৈছে মূত্ৰথলী। এই মূত্ৰথলীটো মানৱদেহৰ পেটৰ একেবাৰে নিম্নাংশত অৱস্থিত ফোপোলা এক বেলুনৰ দৰে অংগ। ইয়াৰ কোষবোৰ অনিয়ন্ত্ৰিতৰূপত বিভাজিত হবলৈ আৰম্ভ কৰিলে এই অংগও কৰ্কটৰোগত আক্ৰান্ত হয়৷ । মূত্ৰথলীটোৰ বাহিৰত এক মাংসপেশীৰ তৰপ থাকে,যি প্ৰয়োজনত মূত্ৰ জমা হবলৈ প্ৰসাৰিত হব পাৰে আৰু,মূত্ৰ নিষ্কাষণৰ বাবে সংকুচিতো হব পাৰে। আমাৰ দেহত দুটা বৃক্ক বা কিডনী থাকে, যিয়ে প্ৰস্ৰাৱ প্ৰস্তুত কৰি দেহৰ পৰা বৰ্জ্য পদাৰ্থৰ নিষ্কাষণ কৰে,আৰু মূত্ৰথলীয়ে ইয়াক বাহিৰলৈ উলিয়াই দিয়ে। বৃক্ক দুটাই মূত্ৰ প্ৰস্তুত কৰাৰ পিছত ইউৰেটাৰ নামৰ দুই সৰু নলীকাৰে সেই প্ৰস্ৰাৱ আহি মূত্ৰথলীত জমা হয়। তাৰপিছত মূত্ৰথলীৰ পৰা ইউৰেথ্ৰা নামৰ নলীকাৰে প্ৰস্ৰাৱ বাহিৰলৈ ওলাই যায়।

  আজি এই মূত্ৰথলীৰ কৰ্কটৰোগৰ বিষয়েই কিছু কথা জনাবলৈ ওলাইছোঁ। পূৰ্বে উল্লেখ কৰিছোঁ যে মূত্ৰথলীৰ কোষিকাবোৰৰ অনিয়ন্ত্ৰিতৰূপত হোৱা বিভাজন মানেই মূত্ৰথলী কৰ্কটৰোগত আক্ৰান্ত হোৱা। মূত্ৰথলীৰ কৰ্কটৰোগ কেইবাপ্ৰকাৰৰো আছে। ইয়াৰ কেইবিধমান হৈছে-

১) ইউৰথেলিয়েল কাৰ্চিনমাঃ-প্ৰায় সকলোপ্ৰকাৰৰ মূত্ৰথলীৰ কৰ্কটৰোগেই ইউৰথেলিয়েল কাৰ্চিনমাৰ ভিতৰত পৰে। মূত্ৰথলীৰ এইবিধ কৰ্কটৰোগ ইউৰথেলিয়েল কোষত আৰম্ভ হয়,যিয়ে মূত্ৰথলী,ইউৰেথ্ৰাকে আদি কৰি ভিন্ন অংগক আৱৰি ৰাখে। ইউৰথেলিয়েল কাৰ্চিনমাক ইউৰথেলিয়েল অংশৰ প্ৰসাৰণ আৰু সংকোচনৰ ক্ষমতাৰ বাবে ট্ৰেনজিচনেল কাৰ্চিনমা বা কৰ্কটৰোগ বুলিও কোৱা যায়। ইয়াৰ বাদে আন প্ৰকাৰৰ মূত্ৰথলীৰ কৰ্কটৰোগ অতি বিৰল। তেনে দুবিধমান হৈছেঃ-

২) স্কোৱামাছ চেল কাৰ্চিনমাঃ-এইবিধ কৰ্কটৰোগ মূত্ৰথলীৰ ভিতৰৰ পাতল,সমতল কোষিকাৰ এক তৰপত সৃষ্টি হয়। এইবিধ কৰ্কটৰোগ স্কিষ্টমিয়াছিছ নামৰ এবিধ পৰজীৱীৰ বাবে হোৱা দীৰ্ঘকালৰ অশান্তি বা সংক্ৰমণৰ ফলত হয়। আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ লোকসকল এই ৰোগত অধিক আক্ৰান্ত হয়।

  ৩) এডেনকাৰ্চিনমাঃ-মূত্ৰথলীৰ এইবিধ কৰ্কটৰোগৰ সৃষ্টি হয় মূত্ৰথলীৰ ভিতৰৰ অংশৰ গ্লেণ্ডুলাৰ কোষত। গ্লেণ্ডুলাৰ কোষসমূহ মূত্ৰথলীৰ ভিতৰৰ কোষৰ তৰপটোত থাকে। এইবিধ কোষে মূত্ৰথলীত শ্লেষ্মাজাতীয় পদাৰ্থৰ লগতে আন পদাৰ্থৰো উৎপাদন কৰে।

৪) স্মল চেল কাৰ্চিনমাঃ-মূত্ৰথলীৰ এইবিধ কৰ্কটৰোগ ইয়াৰ নিউৰএণ্ডক্ৰাইন কোষত সৃষ্টি হয়।

  মূত্ৰথলীৰ কৰ্কটৰোগক আন দুই ভাগতো ভগাব পাৰি। সেই দুবিধ হৈছেঃ-

ক) মাছল ইনভেছিভঃ-মাছল ইনভেছিভত মূত্ৰথলীৰ বাহিৰৰ মাংসপেশীও কৰ্কটৰোগত আক্ৰান্ত হয়।

খ)নন-মাছল ইনভেছিভঃ-এইবিধ মূত্ৰথলীৰ কৰ্কটৰোগত  বাহিৰৰ মাংসপেশী আক্ৰান্ত নহয়। দুয়োবিধৰে ক্ষেত্ৰতে চিকিৎসা সম্পূৰ্ণ সুকীয়া হয়।

  এতিয়া আহিছোঁ  এইবিধ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাৰ দিশলৈ। অৰ্থাৎ,যিবোৰ কাৰকৰ ফলত এজন ব্যক্তিৰ মূত্ৰথলীৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় সেই দিশলৈ।

১) বয়স বৃদ্ধিৰ লগে লগেএনে সম্ভাৱনা বৃদ্ধি পায়

২) ধূম্ৰপান কৰিলে, কাৰণ ধঁপাতত থকা বিভিন্নধৰণৰ কাৰ্চিনজেনবোৰ কৰ্কটৰোগৰ এক অন্যতম কাৰক। এইবোৰ তেজত মিহলি হৈ পৰাৰ পিছত প্ৰস্ৰাৱৰে বাহিৰ হবলৈ মূত্ৰথলীতেই জমা হয়,গতিকে ধূম্ৰপান আন কৰ্কটৰোগৰ লগতেই মূত্ৰথলীৰ কৰ্কটৰোগৰো এক অন্যতম কাৰক।

৩) পৰিয়ালত কাৰোবাৰ মূত্ৰথলীৰ কৰ্কটৰোগ থাকিলে

৪) কিছুমান জিনলৈ অহা বিশেষ আৰু অৱধাৰিত পৰিৱৰ্তনৰ ফলত,যিয়ে মূত্ৰথলীৰ কৰ্কটৰোগ হোৱাত অৰিহণা যোগায়

৫) কৰ্মক্ষেত্ৰত পেট্ৰলিয়াম,ৰঙ,কলপ আদি পদাৰ্থৰ অহৰহ সংস্পৰ্শলৈ অহাৰ ফলত

৬) পূৰ্বে পেলভিছ অংশত লোৱা ৰেডিয়েচনৰ ফলত

৭) ক্লৰিনযুক্ত পানী খোৱাৰ ফলত

৮) প্ৰস্ৰাৱৰ বাবে দীৰ্ঘকাল কেথেটাৰৰ ব্যৱহাৰ কৰা আদি বিভিন্ন কাৰকৰ ফলত মূত্ৰথলীৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

  মূত্ৰথলীৰ কৰ্কটৰোগৰ কিছুমান লক্ষণ থাকে,যিবোৰে দেহত দেখা দিলে এজন ব্যক্তিয়ে চিকিৎসকৰ কাষ চপা উচিত। লক্ষণসমূহ আকৌ প্ৰতিজন ব্যক্তিৰে ক্ষেত্ৰত ভিন ভিন হব পাৰে। আটাইতকৈ বেছিকৈ দেখা দিয়া লক্ষণ হৈছে প্ৰস্ৰাৱত তেজ যোৱা,যাক হিমাচুৰিয়া বুলি কোৱা হয়। এনেদৰে হোৱা প্ৰস্ৰাৱ অলপ মদৰুৱা হোৱাৰ পৰা উজ্জ্বল ৰঙা ৰঙৰো হব পাৰে। কেতিয়াবা আকৌ প্ৰসাৱত ইমানেই কম পৰিমাণে তেজ যায় যে সেয়া পৰীক্ষা কৰিহে ধৰা পেলাব পাৰি। মূত্ৰথলীৰ কৰ্কটৰোগৰ আন কেইটিমান লক্ষণ হৈছেঃ-

১) সঘনাই প্ৰস্ৰাৱ হোৱা

২) প্ৰস্ৰাৱ কৰোতে বিষ হোৱা অথবা জ্বলা-পোৰা কৰা

৩) মূত্ৰথলী পূৰ্ণ নোহোৱাকৈয়েই প্ৰস্ৰাৱ কৰাৰ ভাব অহা

৪) নিশাৰ ভাগত অধিক প্ৰস্ৰাৱ কৰা।

  আনহাতে যেতিয়া মূত্ৰথলীৰ কৰ্কটৰোগ বৃহৎ হৈ প্ৰসাৰিত হৈ পৰি,বা মূত্ৰথলীৰ পৰা বাহিৰলৈ তথা অন্যান্য অংগলৈ বিয়পি পৰে,তেতিয়া দেখা দিয়া লক্ষণসমূহ সাধাৰণতে এনে ধৰণৰ হয়-

১) প্ৰস্ৰাৱ কৰিবলৈ নোৱাৰা হোৱা

২) দেহৰ পিছফালৰ(কঁ‌কাল)অংশৰ যিকোনো এফালে হোৱা বিষ

৩) পেটৰ বিষ

৪) হাড়ৰ বিষ অথবা হাড়ৰ নমনীয়তা

৫) অনাকাংক্ষিতভাৱে ওজন হ্ৰাস পোৱা আৰু খাদ্যৰ প্ৰতি অৰুচি অহা,

৬) ভৰি ফুলা,

৭) ভাগৰুৱা অনুভৱ কৰা।

   এইসমূহ লক্ষণে দেখা দিলে ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চপাতো জৰুৰী। চিকিৎসকে ৰোগীক চাই কিছুমান পৰীক্ষা কৰাবলৈ দিয়ে,যাৰ দ্বাৰা মূত্ৰথলীৰ কৰ্কটৰোগ ধৰা পেলাব পাৰি। এনে কেইবিধমান পৰীক্ষণ হৈছেঃ-

১) চিষ্টস্কপীঃ-এইবিধ পৰীক্ষণত চিকিৎসকে এডাল মিহি পাইপেৰে মূত্ৰথলী আৰু ইউৰেথ্ৰাৰ ভিতৰ অংশ চাই পৰীক্ষা কৰে৷ এই পাইপডালৰ আগত লাইট আৰু লেন্স লগোৱা থাকে৷ এইডালক চিষ্টস্কপ বোলা হয়। চিষ্টস্কপডালক ইউৰেথ্ৰাৰে মূত্ৰথলীৰ ভিতৰলৈকে সুমুৱাই দি পৰীক্ষা কৰা হয়। ইয়াৰ জড়িয়তে বায়পছিৰ বাবে কোষিকাও বাহিৰলৈ আনিব পাৰি।

২) বায়পছিঃ-বায়পছিৰ প্ৰক্ৰিয়া সাধাৰণতে চিষ্টস্কপী কৰোতেই সম্পন্ন কৰা হয়।কৰ্কটৰোগৰ অৱস্থিতি ধৰা পেলাবলৈ মূত্ৰথলীৰ পৰা কোষৰ সামান্য অংশ আনি মাইক্ৰস্কপেৰে পৰীক্ষা কৰা হয়। মূত্ৰথলীৰ কৰ্কটৰোগৰ সম্পূৰ্ণ  টিউমাৰকো বায়পছিৰ প্ৰক্ৰিয়াৰ জড়িয়তেও মূত্ৰথলীৰ পৰা গুছাই দিব পাৰি।

৩) কম্পিউটেড টগ্ৰাফী(চি টি)ইউৰগ্ৰাম অথবা ইন্ট্ৰাভেনাছ পাইলগ্ৰামঃ-এই প্ৰক্ৰিয়াত পৰীক্ষা কৰা ৰোগীজনৰ সিৰাত দৰৱৰ প্ৰয়োগ কৰি চি টি স্কেন মেচিনেৰে কিডনী আৰু মূত্ৰথলীৰ ছবি বিশদভাৱে লোৱা যায় আৰু কম্পিউটাৰত সেই ছবিসমূহ চিকিৎসকে চাব পাৰে।

 এইসমূহ পৰীক্ষাৰ জৰিয়তে মূত্ৰথলীৰ কৰ্কটৰোগ ধৰা পৰাৰ পিছত আকৌ ইয়াৰ স্তৰ,অৰ্থাৎ কোন স্তৰত আছে কৰ্কটৰোগবিধ তাক নিৰ্ধাৰণ কৰিবলৈ বাবে চিকিৎসকে ৰোগীজনক আন কিছু পৰীক্ষা কৰিবলৈ উপদেশ দিব পাৰে। কাৰণ ৰোগৰ স্তৰ নজনাকৈ সমুচিত চিকিৎসা সম্ভৱ নহয়। তেনে কেইবিধমান পৰীক্ষা হৈছেঃ-

১) কম্পিউটেড টগ্ৰাফী(চি টি স্কেন)ঃ-এইবিধ পৰীক্ষণত ৰোগীৰ সিৰাত এবিধ দৰৱ বেজিৰ মাধ্যমেৰে সুমুৱাই দি বা খুৱাই দি, কম্পিউটাৰৰ সৈতে সংলগ্ন এক্স-ৰে মেচিনেৰে ভিতৰৰ অংগবোৰৰ পুংখানুপুংখ ছবি ভিন্ন দিশৰ পৰা লোৱা হয়।

২) এম আৰ আইঃ-এই পৰীক্ষণ প্ৰক্ৰিয়াত এক চুম্বক,ৰেডিঅতৰংগ আৰু এটা কম্পিউটাৰৰ ব্যৱহাৰ কৰা যায়। ইয়াৰ জৰিয়তে শৰীৰৰ ভিতৰৰ অংশৰ পুংখানুপুংখ ছবি লোৱা হয়।

৩) বুকুৰ এক্স-ৰেঃ-এক্স-ৰেৰ বিষয়ে প্ৰায় সকলোৱেই অৱগত। এই এক্স-ৰে পৰীক্ষণ প্ৰক্ৰিয়াত উচ্চ শক্তিসম্পন্ন ৰেডিয়েচনৰ যোগেদি দেহৰ ভিন্ন অংগ আৰু বুকুৰো ছবি লব পাৰে।

৪) বন স্কেন বা হাড়ৰ স্কেনঃ-এই প্ৰক্ৰিয়াত ৰোগীজনৰ হাড়ত অনিয়ন্ত্ৰিত কোষৰ বৃদ্ধি হৈছে নেকি তাক চোৱা হয়।  তেজত দৰৱৰ মাধ্যমেৰে তেজস্ক্ৰিয় পদাৰ্থ সোমোৱাই দি স্কেনিঙৰ জড়িয়তে কৰ্কটৰোগজনিত কোষ হাড়ত আছে নেকি তাক পৰীক্ষা কৰা হয়।

৫) পেট চি টি স্কেনঃ-এই পৰীক্ষণ প্ৰক্ৰিয়াত পেট স্কেন আৰু চি টি স্কেন দুয়োবিধৰে মাধ্যমেৰে দেহৰ নিৰ্দ্দিষ্ট অংশৰ ছবি লোৱা হয়। এনেদৰে একেলগে একেসময়তে দুয়োবিধ পৰীক্ষা কৰিলে,অধিক স্পষ্টৰূপত কৰ্কটৰোগৰ কোষ ধৰা পেলাব পাৰি।

  মূত্ৰথলীৰ কৰ্কটৰোগৰ প্ৰথম স্তৰত ৰোগটো মূত্ৰথলীৰ ভিতৰতে থাকে,বাহিৰৰ মাংসপেশীৰ তৰপলৈ বিয়পি নপৰে। দ্বিতীয় স্তৰত কৰ্কটৰোগ মূত্ৰথলীৰ বাহিৰৰ মাংসপেশীৰ তৰপলৈকে বিয়পি পৰে। তৃতীয় স্তৰৰ মূত্ৰথলীৰ কৰ্কটৰোগক “লকেলী এডভান্সড ব্লাডাৰ কেন্সাৰ”বুলিও কোৱা হয়। এই স্তৰক দুটা ভাগত ভগোৱা হয়। চতুৰ্থ স্তৰকো দুটা ভাগত ভাগ কৰা হয়। চতুৰ্থ স্তৰত কৰ্কটৰোগ দেহৰ অন্যান্য অংগলৈকে বিয়পি পৰে।

 এতিয়া আহিছোঁ মূত্ৰথলীৰ কৰ্কটৰোগৰ চিকিৎসাৰ দিশলৈ। স্তৰ অনুসৰি চিকিৎসা প্ৰক্ৰিয়া তলত দিয়া হৈছেঃ-

১) অস্ত্ৰোপচাৰঃ-মূত্ৰথলীৰ কৰ্কটৰোগৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰেই মূল চিকিৎসা। স্তৰভেদে এই চিকিৎসা ভিন্ন হয়। কৰ্কটৰোগ কোন অংশত হৈছে তাৰ ওপৰত ভিত্তি কৰি অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰৰ আগতে দিয়া চিকিৎসাক প্ৰিঅপাৰেটিভ থেৰাপী বা নিঅএডজুভেন্ট কেমথেৰাপীও বোলা হয়। অস্ত্ৰোপচাৰৰ আগতে  টিউমাৰৰ আকাৰক সংকুচিত কৰিবলৈ কেমথেৰাপী দিয়া হয়৷    আনহাতে অস্ত্ৰোপচাৰৰ পিছত পুনৰাই কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা কমাবলৈ এডজুভেন্ট থেৰাপী দিয়া হয়। মাছল ইনভেছিভ কেন্সাৰত অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসা কৰা হয়। অস্ত্ৰোপচাৰৰ আকৌ দুটা ভাগ থাকে।

ক) পাৰ্চিয়েল চিষ্টেক্টমীঃ-এইবিধ অস্ত্ৰোপচাৰত ৰোগীৰ মূত্ৰথলীটোৰ কিছু অংশ হে কাটি পেলোৱা হয়। ৰোগীয়ে গতানুগতিকভাৱে প্ৰস্ৰাৱ কৰি থাকিব পাৰে।

খ) ৰেডিকেল চিষ্টেক্টমীঃ-এইবিধ অস্ত্ৰোপচাৰত আকৌ গোটেই মূত্ৰথলীটোৱেই কাটি পেলোৱা হয়। তেতিয়া দেহৰ পৰা মূত্ৰ নিষ্কাষণৰ বাবে আন ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়। ইয়াৰ ভিতৰত একপ্ৰকাৰত খাদ্যনলীৰে এক অংশত স্থায়ী ইউৰষ্টমী কৰি প্ৰস্ৰাৱ আহি এটা বেগত জমা হোৱাৰ ব্যৱস্থা কৰা যায়। আনহাতে আন এক প্ৰক্ৰিয়া “নিঅব্লাডাৰ”ত খাদ্যনলীৰ এক অংশৰে এটি ব্লাডাৰ বা মূত্ৰথলী তৈয়াৰী কৰি মূত্ৰ নিষ্কাষণৰ নলীকাত সংযোগ কৰা হয়,যাৰ ফলত ৰোগীগৰাকীক স্থায়ী ইউৰষ্টমীৰ প্ৰয়োজন নেথাকে।

২) ৰেডিয়েচন থেৰাপীঃ-এই থেৰাপীত উচ্চ শক্তিসম্পন্ন এক্স-ৰে অথবা আন ৰেডিয়েচনৰ প্ৰয়োগ কৰা হয়,কৰ্কটৰোগৰ কোষসমূহক নাশ কৰাৰ লগতে ইয়াৰ বৃদ্ধিত বাধা দিবলৈ। ৰেডিয়েচন থেৰাপী কেতিয়াবা কেমথেৰাপীৰ সমান্তৰালকৈয়ো দিয়া যায়।

৩) কেমথেৰাপীঃ-কেমথেৰাপীত ৰোগীজনৰ দেহত কৰ্কটৰোগ সৃষ্টি কৰা কোষ নাশ কৰিবলৈ অথবা এই কোষসমূহৰ বৃদ্ধিত বাধা দিবলৈ ঔষধৰ প্ৰয়োগ কৰা হয়। ভিন্ন ধৰণৰ ঔষধ ৰোগীজনৰ দেহত সীৰাৰ মাধ্যমেৰে দিলে ইয়াক চিষ্টেমিক কেমথেৰাপী বুলি কোৱা হয়।

৪) ইন্ট্ৰাভেছিকেল ইম্মিউনথেৰাপীঃ-এই চিকিৎসা প্ৰক্ৰিয়াত ভিন্নধৰণৰ ঔষধৰ প্ৰয়োগ কৰা হয়। কেথেটাৰৰ যোগেদি এই ঔষধবোৰ পোনপটীয়াকৈ মূত্ৰথলীলৈ ভৰাই দিয়া হয়। অস্ত্ৰোপচাৰৰ পিছত দিয়া এই ঔষধবোৰে মূত্ৰথলীটোৰ ভিতৰখন সম্পূৰ্ণকৈ পৰিষ্কাৰ কৰি পেলায়,যাতে দুনাই কৰ্কটৰোগে মূত্ৰথলীত আক্ৰমণ কৰিব নোৱাৰে।

৫) ইন্ট্ৰাভেছিকেল কেমথেৰাপীঃ-এই চিকিৎসা প্ৰক্ৰিয়াতো  ইন্ট্ৰাভেছিকেল ইম্মিউনথেৰাপীৰ দৰেই কেথেটাৰৰ যোগেদি এই ঔষধ পোনপটীয়াকৈ মূত্ৰথলীলৈ ভৰাই দিয়া হয়। এই ঔষধে মূত্ৰথলীৰ ভিতৰখন পৰিষ্কাৰ কৰি তোলে যাতে কৰ্কটৰোগৰ কোষসমূহ সমুলঞ্চে নাশ হয়। এইবিধ কেমথেৰাপী অকল নন ইনভেছিভ মাছল কেন্সাৰত দিয়া হয়। ইন্ট্ৰাভেছিকেল বি চি জিও নন ইনভেছিভ মাছল কেন্সাৰতে দিয়া যায়।

৬) টাৰ্গেটেড থেৰাপীঃ-এইবিধ চিকিৎসা প্ৰক্ৰিয়াত এনে ঔষধ বা আন পদাৰ্থৰ প্ৰয়োগ কৰা হয়,যিয়ে কৰ্কটৰোগ সৃষ্টিৰ কাৰক এনজাইম,প্ৰটিন আৰু আন মৌলক নাশ কৰে।

৭) ইম্মিউনথেৰাপীঃ-এই চিকিৎসা প্ৰক্ৰিয়াই ৰোগী এজনৰ দেহক কৰ্কটৰোগৰ সৈতে যুঁ‌জিবলৈ প্ৰয়োজন হোৱা ৰোগ প্ৰতিৰোধ ব্যৱস্থাত সহায় কৰে।

 এইখিনি আছিল মূত্ৰথলীৰ কৰ্কটৰোগৰ বিষয়ে কিছু তথ্য। লেখাটোত উল্লেখ কৰা লক্ষণসমূহে দেখা দিলে ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চাপক।

 

ডাঃ বিক্ৰম কুমাৰ ডেকা
(কৰ্কট ৰোগ বিশেষজ্ঞ, টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)
চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫