তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী

18-04-19 Chirang- Pramod Boro election campaign for UPPL (5)

কোকৰাঝাৰত এখন নিৰ্বাচনী সভাত জন সমাৱেশ। ফটো : য়ু বি

লোকসভাৰ প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পাছত অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে হ’ব অগ্নিপৰীক্ষা। অহা ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চাৰিটা সমষ্টিৰ এটাত বাহিৰে তিনিটাতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে।

গুৱাহাটীত বিজেপি প্ৰাৰ্থী কুইন ওজাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে বৰপেটাত মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, ধুবুৰীত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাভেদ ইছলাম আৰু কোকৰাঝাৰত মিত্ৰজোঁট বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

তাৎপৰ্যপূৰ্ণভাৱে,ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান বৰপেটা আৰু ধুবুৰীত অগপ দলক প্ৰাৰ্থিত্ব এৰি দি বিজেপিয়ে দলটোক প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিছে। বিগত লোকসভা নিৰ্বাচনত দুয়োটা সমষ্টিৰ পৰাই এআইয়ুডিএফ দলৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল।

এইবাৰ এআইয়ুডিএফে বৰপেটাত সাংসদ ছিৰাজুদ্দিন আজমলৰ সলনি জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে, ধুবুৰীত এআইয়ুডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে পুনৰ সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

বৰপেটাত এআইয়ুডিএফৰ স্থিতি নিৰ্বাচনকালীন সময়ত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আনহাতে, কংগ্ৰেছৰ সবল স্থিতি থকা সমষ্টিটোত সংখ্যালঘু ভোটৰ বিভাজন যেন ক্ৰমে স্পষ্ট হৈ পৰিব ধৰিছে। সেয়ে হ’লে, অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ বিজয়ৰ সুযোগৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কিয়নো সংখ্যালঘুৰ ভোট বিভাজনৰ লগতে কিছু সংখ্যালঘু ভোটো দীপক দাসৰ সপক্ষে যোৱাৰ সম্ভাৱনা আছে।

ইপিনে, ধুবুৰী সমষ্টিত এআইয়ুডিএফে ইতিমধ্যে সবল স্থিতিত থকাৰ বিপৰীতে অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ জনপ্ৰিয়তাকো দলিয়াই পেলাব নোৱাৰি। প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰাক্তন বিধায়কগৰাকীয়ে যদি মিত্ৰজোঁটৰ আধাৰত ব্যাপক হাৰত ভোট লাভ কৰে তেন্তে ইছলামে এআইয়ুডিএফক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ আশা কৰিব পাৰি। ইয়াতো কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰাত ব্যৰ্থ হৈছে।

কোকৰাঝাৰত যোৱা ২০১৪ৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থ নৱ কুমাৰ শৰণীয়াই সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। শৰণীয়াই এইবাৰো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপি মিত্ৰজোঁটৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ লগতে য়ুপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্ম আৰু কংগ্ৰেছৰ শব্দৰাম ৰাভাই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

কোকৰাঝাৰত পূৰ্বৰ পৰিস্থিতিৰ বিশ্লেষণৰ পৰা এটা কথা স্পষ্ট হৈছে যে ইয়াত অনা বড়ো ভোটাৰৰ স্থিতিয়েই প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। সমষ্টিটোৰ সংখ্যালঘু ভোটাৰেও সমষ্টিটোত বিশেষ ভূমিকা কৰিব। এআইয়ুডিএফে য়ুপিপিএলৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন দিয়াৰ বিপৰীতে সমষ্টিটোত শক্তিশালী ভেটি থকা এবিএমছুৱে নিৰ্দলীয় প্ৰাৰ্থী শৰণীয়াকে সমৰ্থন দিছে। সমষ্টিটোত চিপিআই(এম)ৰ বিৰাজ ডেকায়ো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কুইন ওজাৰ উপৰি কংগ্ৰেছৰ ববিতা শৰ্মা, নিৰ্দলীয় উপমন্যু হাজৰিকাৰ লগতে কেইবাজনো সৰু-বৰ দল তথাৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বৰ্তমানলৈকে বিজেপি প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আছে।

আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই তেওঁৰ ব্যতিক্ৰমী প্ৰচাৰৰ জৰিয়তে সমষ্টিটোত বহুখিনি সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কিছু পাছ পৰি আছে যদিও কংগ্ৰেছৰ ভেটি সবল থকা অঞ্চলসমূহত দলটোৱে ব্যাপক সহাঁৰি লাভ কৰিছে।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ চাৰিখন আসনৰ ফলাফলক লৈ যথেষ্ট উদ্বিগ্নতা থাকিলেও গুৱাহাটীক বাদ দি তিনিটা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে।