NORTHEAST NOW (Assamese)

পুলৱামা আক্ৰমণ : কলিয়াবৰত মমবাতি, বন্তি জ্বলাই চহিদক শ্ৰদ্ধাঞ্জলি

February 17, 2019 7:50 am · ৰিদিপ শৰ্মা
Updated: February 17, 2019 7:51 am

জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ  বৰ্বৰ আক্ৰমণত নিহত হোৱা ৪৪ জন চহিদ বীৰ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কলিয়াবৰৰ বৃহৎ বাণিজ্য ক্ষেত্ৰ জখলাবন্ধাত কালি অৰ্থাৎ ১৬ ফেব্ৰুৱাৰিত সকলো ব্যৱসায় এক গোট হৈ শ্বহীদৰ প্ৰতি সন্মান জনায় সমগ্ৰ দিনটো জখলাবন্ধাৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখে।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে সন্ধিয়া জখলাবন্ধাৰ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ কাৰ্য্যালয়ৰ বাকৰিত জখলাবন্ধাৰ ব্যৱসায় সন্থা, বিভিন্ন বাণিজ্য প্ৰতিষ্ঠানৰ কৰ্মৰত ব্যক্তিসকল, স্থানীয় ৰাইজ, জ্যেষ্ঠ নাগৰিক, বিভিন্ন দল-সংগঠনৰ সমূহীয়া অংশগ্ৰহণৰে বন্তি প্ৰজ্বলন, চহিদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, মৌন প্ৰাৰ্থনা, শান্তি মন্ত্ৰৰে সকলোৱে বীৰ চহিদ সকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

ইয়াৰোপৰি ‘বন্দে মা তৰম, ভাৰত মাতা কি জয়, পাকিস্তান মুর্দাবাদ, ভাৰতীয় সৈন্য বাহিনী জিন্দাবাদ, ইণ্ডিয়ান আৰ্মী জিন্দাবাদ, পুলিচ প্ৰশাসন জিন্দাবাদ’ ধ্বনিৰে অনুষ্ঠানৰ বাকৰিৰ পৰা জখলাবন্ধাৰ মাজ মজিয়াত সকলোৱে হাতত মম লৈ পৰিভ্ৰমণ কৰি চহিদৰ লগতে চহিদদ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

আনহাতে কলিয়াবৰৰ জখলাবন্ধা হস্পিতাল চাৰিআলিৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে বন্তি-মম জ্বলাই চহিদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে এনেদিন আৰু কেতিয়াও ঘূৰি নহাৰ কামনা কৰে।

Related News