বঙাইগাঁৱত হোটেলৰ পৰাই চলে অবৈধ গাঞ্জাৰ বেহা,পাঁচ কিলো গাঞ্জাসহ এজনক আটক

buu

বঙাইগাঁও চহৰৰ পাগলাস্থান বজাৰৰ ৰামা হোটেলত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই অবৈধ গাঞ্জাসহ সঞ্জীৱ শ্বাহ নামৰ যুৱক এজনক আটক কৰে ৷

সঞ্জীৱ শ্বাহে হোটেলখনৰ পৰা অবৈধ গাঞ্জাৰ বেহা চলাই আহিছিল ৷

বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুণা সোণোৱালৰ নেতৃত্বত বঙাইগাঁও চহৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰিসহ আৰক্ষীৰ দলে চলোৱা এই অভিযানত হোটেলখনৰ চিলিঙত লুকুৱাই ৰখা অৱস্থাত পাঁচ কিলো অবৈধ গাঞ্জা উদ্ধাৰ কৰে ৷

লগতে এটা হোকা , এটা ওজন জোখা মেচিন ,গাঞ্জা খাবলৈ ব্যৱহাৰ কৰা কাগজ উদ্ধাৰ কৰি জব্দ কৰে ৷

আৰক্ষীয়ে সঞ্জীৱ শ্বাহক আটক কৰি ভাকাৰিভিটাস্থিত গৃহলৈ নিয়ে আৰু তাতো গাঞ্জা মজুত কৰি ৰখা বুলি অভিযান চলায় ৷ অৱশ্যে গৃহত গাঞ্জা নাপালে আৰক্ষীয়ে ৷

উল্লেখ্য যে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালৰ গাতে লাগি থকা পাগলাস্থান বজাৰৰ এই হোটেলখনত দীৰ্ঘ দিনৰ পৰা অবৈধ গাঞ্জাৰ বেহা চলি আহিছে ৷

মাজে সময়ে আৰক্ষীয়ে অভিযান চলায় যদিও এই অবৈধ বেহা বন্ধ হোৱা নাছিল ৷

বৰ্তমান নামতহে হোটেল যদিও কেৱল গাঞ্জাৰ বেহাহে চলাই আহিছিল ৷ জিলাৰ উপ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত পুৱা আৰক্ষীয়ে এই অভিযান চলায় ৷

খোদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰতে দীৰ্ঘদিনৰ পৰা কেনেকৈ অবৈধ গাঞ্জাৰ বেহা চলি আহিছিল সেয়াহে এক অবুজ সাঁথৰ ৷

কাৰণ এই পাগলাস্থানতে যান- বাহন আৰক্ষীৰ কাৰ্যালয় আছে ৷ বজাৰখনত নিতৌ অহা- যোৱা কৰে আৰক্ষীৰ লোকো ৷

গতিকে কেনেকৈ চলি আছিল এই অবৈধ বেহা ?