NORTHEAST NOW (Assamese)

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা; মহিলাসহ চাৰিজন লোকক আটক

February 19, 2019 11:47 am · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

নিষিদ্ধ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আজি পুৱা প্ৰায় ৮ মান বজাত গুৱাহাটীৰ পল্টনবজাৰ ৰে’লৱে ষ্টেশ্যনত জি আৰ পি এছে চলোৱা এক নিয়মীয়া তালাচীৰ সময়ছোৱাত ২০৫০১ আগৰতলা-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছৰ পৰা গাঞ্জাৰ ১৩টা পেকেট জব্দ কৰে।

জব্দকৃত গাঞ্জাখিনি সৰবৰাহৰ অভিযোগত জি আৰ পি এছে এগৰাকী মহিলাসহ চাৰিজন লোকক আটক কৰিছে। প্ৰায় ৭০ কেজি ওজনৰ গাঞ্জাখিনি ৰে’লখনৰ এ-১ নম্বৰৰ ডবাৰ চিটৰ তলত লুকুৱাই আনিছিল।

ইফালে গাঞ্জা সৰবৰাহৰ অভিযোগত আটক হোৱা লোক কেইজনক ক্ৰমে ত্ৰিপুৰাৰ মহম্মদ প্ৰবীৰ আলম(৩৬), ৰুশী বেগম (প্ৰবীৰ আলমৰ পত্নী), কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মহম্মদ আশ্ৰাফুল আলম(২৪) আৰু উত্তৰ প্ৰদেশৰ ফৈজাবাদ জিলাৰ ২৩ বছৰীয়া সুমীত মিশ্ৰা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে গাঞ্জা সৰবৰাহৰ অভিযোগত আটক হোৱা সুমীত মিশ্ৰাই নিজৰ পৰিচয় লুকুওৱাৰ উদ্দেশ্যে সেনাৰ পোছাক পৰিধান কৰি থকাৰ উপৰি লগত অনা ট্ৰাংকটোত চি আৰ পি এফ বুলি লিখি লৈছিল।

জানিব পৰা মতে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related News