ত্ৰিপুৰাত ভাং ভৰ্তি ট্ৰাক জব্দ

ফটো-নৰ্থ-ইষ্ট নাও

বুধবাৰে ৰাতিপুৱা ত্ৰিপুৰাৰ ঢলাই জিলাৰ মুংগিয়াকামিৰ ৪১ মাইল অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ত্ৰিপুৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সক্ষম হয়।

এখন ট্ৰাকত ভৰ্তি কৰি ভাং সমূহ লৈ গৈ থকা অৱস্থাতে টহলদাৰী আৰক্ষীয়ে ট্ৰাকখন আটক কৰে।

ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰা ট্ৰাকখনত থকা ভাং খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫০ লাখ টকাৰ ওচৰ-উচৰি হ’ব বুলি প্ৰকাশ কৰে।

ট্ৰাকখনত সৰবৰাহৰ বাবে অনা ভাং খিনি ৩৩ টা পেকেটত লৈ অহা হৈছিল।

আনহাতে, ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনে কৰ্তব্যৰত আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে পলায়ন কৰা চালক আৰু হেণ্ডিমেনক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰু জব্দ কৰা ট্ৰাকখনৰ সৈতে ভাং খিনি  আৰক্ষী চকীলৈ লৈ যায়।