কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালে ৪ লাখ টকাৰ সাহায্য পাবনে? উচ্চতম ন্যায়ালয়ত কি জনালে কেন্দ্ৰই?

covvv

কালান্তক কোভিডৰ সংহাৰ এতিয়াও অব্যাহত আছে দেশত ।

কোভিডে ইতিমধ্যে দেশত তিনি লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে।

এনে সময়তে কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ বাবে দাবী উত্থাপন হৈছে।

কিন্তু এই দাবী মানি ল’বনে কেন্দ্ৰীয় চৰকাৰে? কোভিডত মৃত্যু ঘটা লোকক সাহায্য প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই নিজৰ স্তিতি স্পষ্ট কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ন্যায়ালয়ৰ মজিয়াত এই কথা স্পষ্ট ভাবে জনাই দিয়া হৈছে যে কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক চৰকাৰে ৪ লাখ টকাৰ সাহায্য দিয়াটো কোনোপধ্যে সম্ভৱ নহয়।

যদি কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক সাহায্য দিয়া হয় তেন্তে আন ৰোগত মৃত্যু ঘটা লোকৰ পৰিয়ালকো সাহায্য প্ৰদানৰ দাবী উঠিব।সেয়ে কোভিডৰ বিষয়টো বেলেগ ভাবে বিবেচনা কৰাটো সম্ভৱ নহ’ব বুলি কেন্দ্ৰই ন্যায়ালয়ত প্ৰকাশ কৰিছে।

কেৱল মাত্ৰ প্ৰাকৃতিক দুৰ্যোগত মৃত্যু ঘটা লোকৰ পৰিয়ালকহে চৰকাৰে সাহায্য প্ৰদান কৰাৰ বিধান আছে বুলিও আদালতত চৰকাৰে প্ৰকাশ কৰে।উল্লেখ্য দেশত বৰ্তমান কোভিডৰ দ্বিতীয় ঢৌ চলি আছে।

এতিয়ালৈকে কোভিডত মৃত্যু ঘটিছে প্ৰায় ৩ লাখ ৮৫ হাজাৰ লোকৰ। ইয়াৰ মাজতে কোভিডৰ তৃতীয়টো ঢৌ শীঘ্ৰে দেশত আৰম্ভ হোৱাৰ আশংকাই দেখা দিছে।

এইমছৰ  সঞ্চালক ৰণদীপ গুলেৰিয়াই অহা ৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰত দেশত কোভিডৰ তৃতীয় ঢৌ আহিব বুলি শেহতীয়াকৈ প্ৰকাশ কৰিছে।