NORTHEAST NOW (Assamese)

মমতাৰ অবিহনে কল্পনাই কৰিব নোৱাৰি বিৰোধী ঐক্য ইণ্ডিয়া – ভগ্ন সম্পৰ্ক জোৰা দিয়াৰ চেষ্টা জয়ৰাম ৰমেশৰ

January 24, 2024 7:02 pm · এন ই নাও নিউজ, গুৱাহাটী

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিৰোধী ঐক্য ‘ইণ্ডিয়া’ ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই মূৰত স্বৰ্গ ভাঙি পৰিছে কংগ্ৰেছৰ নেতাসকলৰ।

বুধবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা যোগাযোগ বিভাগৰ সম্পাদক জয়ৰাম ৰমেশে সংবাদমেলত কয় যে মমতা জী অবিহনে INDIA ব্লকৰ কথা আমি কল্পনা কৰিব নোৱাৰো। 

মঙলবাৰে মমতা বেনাৰ্জীয়ে জনোৱা মতে, তৃণমূল কংগ্ৰেছে নিজৰ যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ ৪২খন লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাৰ পিছতহে কংগ্ৰেছৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিত্ৰতাৰ কথা বিবেচনা কৰিব বুলি দাবী কৰে।

ভাৰত জোডো ন্যায় যাত্ৰাৰ বাবে অসমত ৰাহুল গান্ধীৰ সৈতে থকা জয়ৰাম ৰমেশে কয়, “মমতা জীৰ অবিহনে আমি INDIA জোঁটৰ কল্পনা কৰিব নোৱাৰো।

Related News