NORTHEAST NOW (Assamese)

হাজাৰ চেষ্টা কৰিও আঁতৰাব পৰা নাই মুখৰ শালমইনা? তেন্তে জানি লওক আচল উপায়

April 18, 2025 6:21 pm · এন ই নাও নিউজ, গুৱাহাটী

বহুতে ব্ৰণ বা শালমইনাৰ সমস্যাত ভুগি থাকে। কেৱল গালতেই নহয়, বহু লোকৰ কপাল আৰু পিঠিটো ব্ৰণ থাকে। ইয়াৰ পৰা মুক্তি পাবলৈ তেওঁলোকে জনপ্ৰিয় প্ৰসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঘৰুৱা ঔষধলৈকে সকলো প্ৰয়োগ কৰে। কিন্তু শলমইনা ওলোৱা বন্ধ নহয়। তেনে ক্ষেত্ৰত মাত্ৰ কেইটামান ঘৰতে বনোৱা ফেচ পেকৰ দ্বাৰাই আঁতৰাব পাৰি মুখৰ শালমইনা।

তেলেতীয়া ছালৰ যত্ন ল’বলৈ তুলসীৰ ফেচ পেক বনাব পাৰে। তুলসী আৰু নিমৰ পাত একেলগে গুড়ি কৰি লওক। এতিয়া এই মিশ্ৰণটো ভালদৰে ছালত লগাওক। অলপ পিছত ধুই পেলাওক, তেতিয়া আপোনাৰ ছালখন কোমল হৈ পৰিব।

তুলসী পাতৰ গুড়িৰ লগত এচামুচ অটমিল পাউদাৰ আৰু এচামুচ কেঁচা গাখীৰ মিহলাই মুখত লগাব পাৰে। ১৫ মিনিট ৰাখি ধুই পেলাব। সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলে আপোনাৰ ছালখন পুনৰ জিলিকি উঠিব।

শীতকালত ব্ৰণৰ পৰা মুক্তি পাবলৈ তুলসীৰ পাত, নিম পাত, হালধী আৰু চন্দনৰ পৰা এটা মিশ্ৰণ তৈয়াৰ কৰক। মিশ্ৰণটো গোটেই মুখত লগাই কেইমিনিটমানৰ পিছত ধুই পেলাওক।

আধা চামুচ হালধী আৰু এচামুচ মৌ দি এটা পেক বনাওক। এই ফেচ পেকটো ১০-১৫ মিনিট মুখত থৈ ধুই পেলাওক।

এইকেইটা উপায় ব্যৱহাৰ কৰি আপুনি আপোনাৰ ছালখন সহজেই শালমইনাৰ পৰা ৰক্ষা কৰিব পাৰিব।

Related News