NORTHEAST NOW (Assamese)

Punjab CM, পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিলে অমৰিন্দৰ সিঙে

September 18, 2021 5:40 pm · এন ই নাও নিউজ
Updated: September 18, 2021 5:58 pm

Punjab CM, পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি ল’লে কেপ্তেইন অমৰিন্দৰ সিঙে। আজি দুপৰীয়া পঞ্জাৱৰ ৰাজ ভৱনত ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে সিঙে।

Punjab CM, উল্লেখ্য যে শুকুৰবাৰে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে এজন নতুন নেতা নিৰ্বাচনৰ অৰ্থে অমৰিন্দৰ সিঙক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। পোন প্ৰথমে সিঙে পদত্যাগ কৰিবলৈ মান্তি হোৱা নাছিল যদিও আজি পুৱা ছোনীয়া গান্ধীক সাক্ষাত কৰি ইস্তফা দিয়াৰ ইচ্ছা প্ৰকাশ কৰে। বিশেষ সূত্ৰ অনুসৰি,অমৰিন্দৰ সিঙে দলত ‘অপমানিত’ হোৱাতকৈ ইস্তফা দিয়াটোকেই শ্ৰেয় বুলি বিবেচনা কৰে।

আজি সন্ধিয়া চণ্ডীগড়ৰ দলৰ কাৰ্যালয়ত কংগ্ৰেছ বিধায়িনী দলৰ সভা অনুষ্ঠিত হ’ব। কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা পঞ্জাৱৰ পৰ্যবেক্ষক হৰিশ ৰাৱাটে টুইটাৰ যোগে শনিবাৰে সন্ধিয়া দলীয় বৈঠকৰ আহ্বান কৰে।

সূত্ৰ অনুসৰি পঞ্জাৱ কংগ্ৰেছৰ পূৰ্ব সভাপতি সুনীল জখৰৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চালৈ আহিছে।

সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ এজন জেষ্ঠ নেতাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে দলৰ বহু বিধায়কে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি এই কথা স্পষ্ট কৰিছে যে এনে পৰিস্থিতিত চৰকাৰ চলোৱা কোনোমতেই সহজ নহ’ব।

জেষ্ঠ নেতাজনে জনোৱা মতে, “এই পত্ৰ খন যথেষ্ট গুৰুত্বপূৰ্ণ,ইয়াক আওকাণ কৰিব নোৱাৰি ।”

মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাজনো কংগ্ৰেছ বিধায়কৰ পৰা যথেষ্ট চাপৰ সন্মুখীন হোৱাৰ পাছত দলৰ হাইকামাণ্ডে শুকুৰবাৰে নিশা এক জৰুৰী বৈঠকত ভাগ লয়।

শুকুৰবাৰে নিশা ১১.৩৯ বজাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটে টুইটাৰ যোগে জনায় যে সৰ্ব ভাৰতীয় কংগ্ৰেছে কমিটিয়ে পঞ্জাৱৰ কেইবাজনো বিধায়কৰ পৰা তৎকালীনভাৱে এক বৈঠক আহ্বানৰ বাবে আবেদন লাভ কৰিছে আৰু সেই সূত্ৰে আজি সন্ধিয়া পঞ্জাৱৰ দলীয় কাৰ্যালয়ত বৈঠক অনুস্থিত হ’ব। তেওঁ লগতে পঞ্জাৱ কংগ্ৰেছৰ প্ৰতিজন বিধায়ককে বৈঠকত উপস্থিত থাকিবলৈ অনুৰোধ জনায়।

বিশেষ সূত্ৰ মতে, এই বৈঠকত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা অজয় মাকেন আৰু হৰিশ চৌধুৰী উপস্থিত থাকিব।

Related News