অনবদ্য ৰিয়ান! ৮টা বলত ৫ ৰান দি ৩টা উইকেট দখল; শ্ৰীলংকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ মসৃন জয়

বিশ্বকাপ জয়ৰ পাছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰে। টিম ইণ্ডিয়াৰ কমাণ্ড এতিয়া নৱাগতৰ হাতত। নেতৃত্বৰ গুৰু দায়িত্ব লাভ কৰিছে সূৰ্যকুমাৰ যাদৱে। ইতিমধ্যে প্ৰশিক্ষকৰ পৰিৱৰ্তন ঘটিছে। দ্ৰাবিড় যুগ শেষ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেটত আৰম্ভ হৈছে গৌতম গম্ভীৰৰ যুগ।

সেইটোতেই আছিল দেশৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি। গম্ভীৰ বাহিনীয়ে কেনেকৈ শ্ৰীলংকাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে তালৈ চাই ৰৈছিল। আৰু তাতেই সূৰ্যকুমাৰৰ বাবে অপেক্ষা কৰি আছিল এক সহজ জয়। টি-২০ শৃংখলাৰ প্ৰথমখন খেলত শ্ৰীলংকাক ৪৩ ৰানত পৰাস্ত কৰে টিম ইণ্ডিয়াই।

বহু ইতিবাচক-নেতিবাচক চৰ্চাৰ মাজতে অসমৰ প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগৰ ওপৰতো আছিল সকলোৰে চকু। শনিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে বেটিঙত বিশেষ সফল নহ’লেও বলিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে। ৰিয়ানে ৮টা বল কৰি মাত্ৰ ৫ ৰান খৰচ কৰি ৩টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে। এনেদৰে এক নতুন অৱতাৰৰ ৰূপত ধৰা দিছে ৰিয়ান।

শ্ৰীলংকাৰ অধিনায়ক সৰিত আছালংকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু শুভমন-যশস্বীৰ দমনীয় প্ৰদৰ্শনৰ আগত এই সিদ্ধান্ত বুমেৰাং হ’ব বুলি তেওঁ হয়তো ভাবিব পৰা নাছিল। ভাৰতৰ দুই অ’পেনাৰে ইনিংছ আৰম্ভ কৰিছিল আক্ৰমণাত্মক শৈলীৰে।

লগতে পঢ়কঃ নকল কৰিবলৈ নিদিয়াৰ বাবে শিক্ষাৰ্থীৰ প্ৰতিবাদ : নকলৰ বাবে দিয়া ধন ঘূৰাই বিচাৰি ধুবুৰীত হুলস্থূলীয়া পৰিৱেশ

টিম ইণ্ডিয়াই প্ৰথম পাঁচ অভাৰত ৭০ ৰান সংগ্ৰহ কৰে। অৱশ্যে একেৰাহে দুটা অভাৰত আউট হৈছিল দুয়োগৰাকী তাৰকা অপেনাৰ। ইয়াৰে শুভমনে ১৬টা বলত ৩৪ আৰু যশস্বীয়ে ২১টা বলত ৪০ ৰান সংগ্ৰহ কৰে। কিন্তু তাৰ পিছতো ৰানৰ গতি স্তব্ধ নহ’ল। সৌজন্যত সূৰ্যকুমাৰ যাদৱৰ অধিনায়কোচিত ইনিংছ। তেওঁ মাত্ৰ ২৬টা বলত ৫৮ ৰান সংগ্ৰহ কৰে।

তেওঁৰ লগত আছিল ঋষভ পন্থ। মাত্ৰ ১ ৰানত তেওঁ অৰ্ধশতকৰ পৰা বঞ্চিত হয়। অৱশ্যে তাৰ পিছত ৰান ৰেট অলপ কমি গ’ল। হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, ৰিয়ান পৰাগে তেনেকৈ বেটিং কৰিব পৰা নাছিল। শেষত ভাৰতৰ ইনিংছ ২১৩ ৰানত সমাপ্ত হৈ পৰে।

ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই বেটিং কৰি বেয়া আৰম্ভণি কৰা নাছিল। কুশল মেণ্ডিছ আৰু পাথুম নিশংকাৰ যুটিয়ে লাহে লাহে দলটোক জয়ৰ দিশে আগবঢ়াই নিছিল। আক্ৰমণাত্মক বেটিঙেৰে তেওঁলোকেও ৬ অভাৰত ৬০ ৰান সংগ্ৰহ কৰে। মহম্মদ ছিৰাজ, অক্ষৰ পেটেলক দুয়োৰে আগত অলপ অসহায় যেন লাগিছিল।

অৱশ্যে নৱম অভাৰৰ চতুর্থ বলত অৰ্শদীপ সিঙে কুশল মেণ্ডিছক ৪৫ ৰানত আউট কৰে৷ ইয়াৰ পিছতে অক্ষৰ পেটেলে ১৫ অভাৰৰ প্ৰথমটো বলত পাথুম (৭৯)ক আউট কৰে। ইয়াৰ পিছত ভাৰতীয় বলাৰসকলে খেলপথাৰত ধুমুহাৰ তাণ্ডৱ আৰম্ভ কৰে। দুই অ’পেনাৰ আউট হোৱাৰ পিছত শ্ৰীলংকাৰ বেটছমেনসকল তিষ্ঠিবই নোৱাৰিলে।

লগতে পঢ়কঃ সপ্তাহত কেইবাৰ শাৰীৰিক মিলন কৰিলে অধিক ৰমণীয় হ’ব প্ৰেমৰ সম্পৰ্ক? আমেৰিকাৰ বিশেষজ্ঞই আনিছে নতুন তথ্য

বাকী ৫ অভাৰত শ্ৰীলংকা বেটিং লাইন আপ তাচৰ পাতৰ ঘৰৰ দৰে ভাঙি যোৱা দেখা গ’ল। শ্ৰীলংকাই মাত্ৰ ১৯.২ অভাৰত অল আউট হয়। ২১৪ ৰানৰ লক্ষ্যত আগবাঢ়ি দলটোৱে মাত্ৰ ১৭০ ৰানতে অল আউট হয়। ভাৰতৰ হৈ ৰিয়ান পৰাগে ৩টা উইকেট দখল কৰে। অৰ্শদীপ আৰু অক্ষৰ পেটেলে ২টাকৈ আৰু ছিৰাজ আৰু ৰবি বিষ্ণোই ১টাকৈ উইকেট পায়।