পিতৃ হ’ল ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপৰ নায়ক কাৰ্লোছ ব্ৰেথৱেট; কলকাতাৰ ইডেন গাৰ্ডেনৰ সৈতে কি সম্পৰ্ক সদ্যোজাত সন্তানৰ!
ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ কাৰ্লোছ ব্ৰেথৱেট প্ৰথমবাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে। মঙলবাৰে ইনষ্টাগ্ৰাম যোগে এই শুভবাৰ্ত্তা প্ৰকাশ কৰে ব্ৰেথৱেটে।
আমোদজনকভাৱে ব্ৰেথৱেটৰ সদ্যোজাত কন্যা সন্তানটিৰ সৈতে কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামৰ আছে এক বিশেষ সম্পৰ্ক। দৰাচলতে এই জনপ্ৰিয় ষ্টেডিয়াম খনৰ নামেৰেই ব্ৰেথৱেটে নিজ কন্যাৰ নাম ‘ইডেন ৰোজ’ ৰাখিছে।
এই নামৰ আঁৰত আছে এটা গুৰুত্বপূৰ্ণ তথা গৌৰৱময় কাৰণ। ২০১৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলৰ সময়ত কেৰিবিয়ান তাৰকাজনে অন্তিম অভাৰত একেৰাহে চাৰিটা ছয় কোবাই ৱেষ্ট ইণ্ডিজক বিশ্বকাপ ট্ৰফী তুলি দিছিল।
কাৰ্লোছে সেই আক্ৰমণাত্মক আৰু বিজয়ী ইনিংছটো কলকাতাৰ ইডেন গাৰ্ডেনতে খেলিছিল। ইডেনৰ সেই গৌৰৱময় ইনিংছটোক স্মৰণীয় কৰি ৰাখিবলৈকে ব্ৰেথৱেটে নিজ সন্তানক ‘ইডেন’ নামেৰে নামাঙ্কৃত কৰিছে।
উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত ব্ৰেথৱেট আৰু পত্নী জেছিৰ প্ৰথম সন্তান জন্ম হৈছিল। মঙ্গলবাৰে ব্ৰেথৱেটে ইনষ্টাগ্ৰামত এক আকৰ্ষণীয় আৰু আৱেগিক শিৰোনামেৰে নৱজাতক কন্যা শিশুটিৰ ফটো শ্বেয়াৰ কৰিছিল।
২০১৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত ব্ৰেথৱেটৰ বিজয়ী ছিক্সটোৰ লগে লগে কমেণ্ট্ৰী বক্সত থকা ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বিশ্বপে কৈ উঠিছিল “ৰিমেম্বাৰ দ্য নেম: কাৰ্লোছ ব্ৰেথৱেট”। পিছত বিশ্বপৰ এই কমেণ্ট্ৰী বহুলভাৱে চৰ্চিত হৈছিল।
বিশ্বপৰ এই বিখ্যাত কমেণ্ট্ৰীৰ উপমা দিয়ে ব্ৰেথৱেটে ইনষ্টাগ্ৰাম পোষ্টটোত লিখিছে, “ ৰিমেম্বাৰ দ্য নেম: ইডেন ৰ’জ ব্ৰেথৱেট। জন্ম তাৰিখ: ৬/২/২২।”
উল্লেখ্য যে, ২০১৯ চনৰ আগষ্টত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলাৰ পিছত ব্ৰেথৱেট দীৰ্ঘদিন ধৰি ৱেষ্ট ইণ্ডিজৰ জাতীয় দলৰ বাহিৰত আছে।
এতিয়ালৈকে তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ মুঠ তিনিখন টেষ্ট, ৪৪ খন এদিনীয়া আৰু ৪১ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে।