DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

পিতৃ হ’ল ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপৰ নায়ক কাৰ্লোছ ব্ৰেথৱেট; কলকাতাৰ ইডেন গাৰ্ডেনৰ সৈতে কি সম্পৰ্ক সদ্যোজাত সন্তানৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2022 1:16 pm
Carlos Brathwaite
168
VIEWS
Share on FacebookShare on Twitter

ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ কাৰ্লোছ ব্ৰেথৱেট প্ৰথমবাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে। মঙলবাৰে ইনষ্টাগ্ৰাম যোগে এই শুভবাৰ্ত্তা প্ৰকাশ কৰে ব্ৰেথৱেটে।

আমোদজনকভাৱে ব্ৰেথৱেটৰ সদ্যোজাত কন্যা সন্তানটিৰ সৈতে কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামৰ আছে এক বিশেষ সম্পৰ্ক। দৰাচলতে এই জনপ্ৰিয় ষ্টেডিয়াম খনৰ নামেৰেই ব্ৰেথৱেটে নিজ কন্যাৰ নাম ‘ইডেন ৰোজ’ ৰাখিছে।

এই নামৰ আঁৰত আছে এটা গুৰুত্বপূৰ্ণ তথা গৌৰৱময় কাৰণ। ২০১৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলৰ সময়ত কেৰিবিয়ান তাৰকাজনে অন্তিম অভাৰত একেৰাহে চাৰিটা ছয় কোবাই ৱেষ্ট ইণ্ডিজক বিশ্বকাপ ট্ৰফী তুলি দিছিল।

কাৰ্লোছে সেই আক্ৰমণাত্মক আৰু বিজয়ী ইনিংছটো কলকাতাৰ ইডেন গাৰ্ডেনতে খেলিছিল। ইডেনৰ সেই গৌৰৱময় ইনিংছটোক স্মৰণীয় কৰি ৰাখিবলৈকে ব্ৰেথৱেটে নিজ সন্তানক ‘ইডেন’ নামেৰে নামাঙ্কৃত কৰিছে।

উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত ব্ৰেথৱেট আৰু পত্নী জেছিৰ প্ৰথম সন্তান জন্ম হৈছিল। মঙ্গলবাৰে ব্ৰেথৱেটে ইনষ্টাগ্ৰামত এক আকৰ্ষণীয় আৰু আৱেগিক শিৰোনামেৰে নৱজাতক কন্যা শিশুটিৰ ফটো শ্বেয়াৰ কৰিছিল।

২০১৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত ব্ৰেথৱেটৰ বিজয়ী ছিক্সটোৰ লগে লগে কমেণ্ট্ৰী বক্সত থকা ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বিশ্বপে কৈ উঠিছিল “ৰিমেম্বাৰ দ্য নেম: কাৰ্লোছ ব্ৰেথৱেট”। পিছত বিশ্বপৰ এই কমেণ্ট্ৰী বহুলভাৱে চৰ্চিত হৈছিল।

বিশ্বপৰ এই বিখ্যাত কমেণ্ট্ৰীৰ উপমা দিয়ে ব্ৰেথৱেটে ইনষ্টাগ্ৰাম পোষ্টটোত লিখিছে, “ ৰিমেম্বাৰ দ্য নেম: ইডেন ৰ’জ ব্ৰেথৱেট। জন্ম তাৰিখ: ৬/২/২২।”

 

 

View this post on Instagram

 

A post shared by Carlos Brathwaite (@ricky.26)

উল্লেখ্য যে, ২০১৯ চনৰ আগষ্টত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলাৰ পিছত ব্ৰেথৱেট দীৰ্ঘদিন ধৰি ৱেষ্ট ইণ্ডিজৰ জাতীয় দলৰ বাহিৰত আছে।

এতিয়ালৈকে তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ মুঠ তিনিখন টেষ্ট, ৪৪ খন এদিনীয়া আৰু ৪১ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd