কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ

stray dog killed

দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ এখন গাঁৱত ৩০ টাকৈ অঘৰী কুকুৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আইনী ৰোষত পৰিছে গাঁও পঞ্চায়তৰ সভাপতি। কুকুৰ হত্যাৰ অভিযোগত সভাপতিগৰাকীৰ লগতে তেওঁৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

ৰাজ্যখনৰ বিৰুধুনগৰৰ শংকৰলিংগপুৰম গাঁৱত সংঘটিত হৈছে এই ঘটনা। পিপল ফৰ এনিমেলছ (পিএফএ)নামৰ এটা পশু অধিকাৰ সংগঠনৰ সদস্য পশু অধিকাৰ কৰ্মী চি সুনিতাই কুকুৰকেইটা হত্যাৰ তথ্য লাভ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে।

এই খবৰ লাভ কৰাৰ পাছতে চি সুনিতাই গাঁও পঞ্চায়তৰ সভাপতি নাগালক্ষ্মীক ফোন কৰি ঘটনাৰ বিষয়ে জানিব বিচাৰে। নাগালক্ষ্মীৰ স্বামী মীনাক্ষী সুন্দৰমে ফোনত নিজকে গাঁওখনৰ পঞ্চায়ত সভাপতি বুলি দাবী কৰি।

টেলিফোনিক বাৰ্তালাপত মীনাক্ষী সুন্দৰমে গাঁৱৰ স্থানীয় কিশোৰসকলে কুকুৰকেইটাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। ৰেবিজ ৰোগত আক্ৰান্ত কুকুৰসমূহে স্থানীয় ৰাইজক অশান্তিৰ সৃষ্টি কৰিছিল বাবে হত্যা কৰা হয় বুলি সুন্দৰমে জানিবলৈ দিয়ে।

সুন্দৰমৰ পৰা এই বিষয়ত নিশ্চিত হোৱাৰ পাছতে সুনিতাই আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰে। অভিযোগ লাভ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু তদন্তত শনিবাৰে প্ৰায় ৩০টা কুকুৰক হত্যা কৰি গাঁৱৰ বাহিৰৰ অঞ্চলত সমাধিস্থ কৰা হৈছিল বুলি জানিব পাৰে।

তদন্তত এই কথা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০‐ ৰ অধীনত পঞ্চায়তৰ সভানেত্ৰী নাগালক্ষ্মী আৰু তেওঁৰ স্বামী সুন্দৰমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।