সন্মুখত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটগ্ৰহণৰ এদিনৰ পূৰ্বেই জব্দ কৰা হৈছে নগদ ধনসহ ৪২৮ কোটি টকাৰ বিশাল পৰিমাণৰ মূল্যৱান ধাতু।
এই বৃহৎ পৰিমাণৰ মূ্ল্যৱান ধাতুসহ নগদ ধনখিনি জব্দ কৰা হৈছে তামিলনাডুত। তামিলনাডুৰ ৰাজধানী চেন্নাইসহ বিভিন্ন ঠাইত অভিযান চলাই এই নগদ ধনসহ মূল্যৱান ধাতুসমূহ জব্দ কৰিছে কেন্দ্ৰীয় বিশেষ সশস্ত্ৰ আৰক্ষী বাহিনীয়ে।
মূল্যৱান ধাতুসমূহৰ মাজত সোণ আছে বুলিও প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। আয়োগে প্ৰকাশ কৰা অনুসৰি নগদ ধনৰ পৰিমাণ হৈছে ২২৫.৫ কোটি টকা আৰু সোণসহ ধাতুৰ মূল্য হৈছে ১৭৬.১১ কোটি টকা।
ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াৰ মতে ৰাজ্যখনৰ কাৰুৰ পৰা সৰ্বাধিক ধন তথা ধাতু বাজেয়াপ্ত কৰাৰ বিপৰীতে কয়ম্বাতুৰ, টিৰুপ্পুৰ আৰু চেন্নাইও এই তালিকাৰ শীৰ্ষত আছে।
এই বৃহৎ পৰিমাণৰ ধনসহ মূল্যৱান ধাতুসমূহ জব্দ কৰাৰ পিছতে আজি দিনটোত ৰাজ্যখনৰ অন্যান্য স্থানতো অভিযান তীব্ৰতৰ কৰা হয় বুলি প্ৰকাশ কৰিছে নিৰ্বাচনী বিষয়াগৰাকীয়ে।
এই অভিযানত ৰাণীপেট জিলাত ৯১.৫৬ লাখ টকা, চেন্নাইৰ থাওজেণ্ড লাইট সমষ্টিত ১.২৩ কোটি টকা আৰু চেলেমৰ বীৰাপাণ্ডিতত ১.১৫ কোটি টকা নগদ ধন জব্দ কৰা হৈছে।
তামিলনাডুত ১০৫ টা ব্যয় সংবেদনশীল সমষ্টি চিনাক্ত কৰা হৈছে আৰু নিৰ্বাচন আয়োগৰ আদেশ অনুসৰি অতিৰিক্তভাৱে সতৰ্কতা অৱলম্বন কৰা হৈছে বুলি জনাইছে নিৰ্বাচন আয়োগে। লগতে প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ ব্যয় নিৰীক্ষণৰ বাবে ১১৮ টা ব্যয় পৰ্যবেক্ষণ কেন্দ্ৰ সাজু কৰা হৈছে।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত যোৱা মাহত আয়কৰ বিভাগে ১৬ কোটিৰো অধিক অবৈধভাৱে সৰবৰাহ কৰা ধন জব্দ কৰিছিল। আনহাতে একাধিক সংস্থাৰ বিৰুদ্ধে অভিযান চলাই নিৰ্বাচনী চাৰ্ভিলেন্স ফ’ৰ্ছে ৮০ কোটিৰো অধিক ক’লা ধনৰ উৎস চিনাক্ত কৰিছিল।
উল্লেখ্য যে ৬ এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া তামিলনাডুৰ বিধানসভা নিৰ্বাচনত ২৩৪ টা বিধানসভা সমষ্টিত ৩,৯৯৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৬.২৮ কোটি ভোটাৰে।