দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন স্থানত তালাচীৰ সময়ত প্ৰায় ৩৮ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২০ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ পৰা ১৩ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছিল। অৰ্থাৎ এই নিৰ্বাচনত জব্দ কৰা নগদ ধনৰ পৰিমাণ যোৱাবাৰৰ তুলনাত ২০২ শতাংশ বেছি।
তদুপৰি, দিল্লী নিৰ্বাচনৰ প্ৰাকক্ষণত তাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সুৰাও উদ্ধাৰ কৰা হয়। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে কয় যে এই পৰ্যন্ত নগদ ধন আৰু ড্ৰাগছ জব্দ সন্দৰ্ভত ২৭০০ৰো অধিক এফআইআৰ পঞ্জীয়ন কৰা হৈছে।
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ পৰা ৩৮ কোটি ৬৪ লাখ ২০ হাজাৰ ৫৬৪ টকা জব্দ কৰা হৈছে। ইফালে ৮৮ কোটি ৪ লাখ ৮হাজাৰ ৭২৩ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। যোৱাবাৰ দিল্লীত নিৰ্বাচনৰ পূৰ্বে ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল। অৰ্থাৎ এইবাৰ জব্দ কৰা ড্ৰাগছৰ পৰিমাণ যোৱাবাৰৰ তুলনাত ১০১৭ শতাংশ বেছি।
ইয়াৰ উপৰিও ৮০ কোটি ৭৮ লাখ ৫০ হাজাৰ ৯০৩ টকা মূল্যৰ সোণ বা ৰূপ জব্দ কৰা হৈছে। যোৱাবাৰ ৩৩ কোটি ৮৬লাখ টকাৰ এই বহুমূলীয়া ধাতু জব্দ কৰা হৈছিল। অৰ্থাৎ এইবাৰ জব্দ কৰা সোণ-ৰূপৰ পৰিমাণ যোৱাবাৰৰ তুলনাত ১৩৯ শতাংশ বেছি।
সেইদৰে, এইবাৰ জব্দ কৰা হৈছে ৪ কোটি ৯৩ লাখ ৭৫ হাজাৰ ৭৭০ টকাৰ সুৰা। যোৱাবাৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ পৰা ২কোটি ৯১ লাখ টকাৰ সুৰা জব্দ কৰা হৈছিল। অৰ্থাৎ এইবাৰ জব্দ কৰা সুৰাৰ পৰিমাণ যোৱাবাৰৰ তুলনাত ৬৯ শতাংশ বেছি।
ইফালে আনুষ্ঠানিক বিবৃতিত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই দাবী কৰে যে তেওঁলোকে স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে ২০২০ চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ ভোটদানৰ পূৰ্বে অধিক নগদ ধন, ড্ৰাগছ, আৰু মদ উদ্ধাৰ কৰা হৈছে। অৰ্থাৎ নিৰ্বাচনত অস্বচ্ছতা দূৰ কৰিবলৈ নিৰ্বাচন আয়োগ কঠোৰ হৈ পৰিছে।
নিৰ্বাচন আয়োগে লগতে জনায় যে বিভিন্ন গোচৰত ২৭০৩খন এফআইআৰ ৰুজু হৈছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে নিৰ্বাচনত প্ৰভাৱ পেলোৱা দোষীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে অহা ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ নিৰ্বাচন। অহা ৮ ফেব্ৰুৱাৰীত ভোটগণনা অনুষ্ঠিত হ’ব।
দিল্লীত আম আদমী পাৰ্টিৰ ক্ষমতাত প্ৰায় এটা দশক হ’ল। অৱশ্যে যোৱা বছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল। যদিও সেই সময়ত তেওঁ পদত্যাগ কৰা নাছিল। অৱশ্যে পিছত জেলৰ পৰা জামিনত মুকলি হৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। আতিশী দিল্লীৰ মুখ্যমন্ত্ৰী হয়।