• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টকাৰ খেল! নিৰ্বাচনৰ পূৰ্বে দিল্লীত জব্দ কৰা হৈছে নগদ ৩৮ কোটি টকা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 3, 2025 9:11 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন স্থানত তালাচীৰ সময়ত প্ৰায় ৩৮ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২০ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ পৰা ১৩ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছিল। অৰ্থাৎ এই নিৰ্বাচনত জব্দ কৰা নগদ ধনৰ পৰিমাণ যোৱাবাৰৰ তুলনাত ২০২ শতাংশ বেছি।

তদুপৰি, দিল্লী নিৰ্বাচনৰ প্ৰাকক্ষণত তাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সুৰাও উদ্ধাৰ কৰা হয়। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে কয় যে এই পৰ্যন্ত নগদ ধন আৰু ড্ৰাগছ জব্দ সন্দৰ্ভত ২৭০০ৰো অধিক এফআইআৰ পঞ্জীয়ন কৰা হৈছে।

Apply Now

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ পৰা ৩৮ কোটি ৬৪ লাখ ২০ হাজাৰ ৫৬৪ টকা জব্দ কৰা হৈছে। ইফালে ৮৮ কোটি ৪ লাখ ৮হাজাৰ ৭২৩ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। যোৱাবাৰ দিল্লীত নিৰ্বাচনৰ পূৰ্বে ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল। অৰ্থাৎ এইবাৰ জব্দ কৰা ড্ৰাগছৰ পৰিমাণ যোৱাবাৰৰ তুলনাত ১০১৭ শতাংশ বেছি।

ইয়াৰ উপৰিও ৮০ কোটি ৭৮ লাখ ৫০ হাজাৰ ৯০৩ টকা মূল্যৰ সোণ বা ৰূপ জব্দ কৰা হৈছে। যোৱাবাৰ ৩৩ কোটি ৮৬লাখ টকাৰ এই বহুমূলীয়া ধাতু জব্দ কৰা হৈছিল। অৰ্থাৎ এইবাৰ জব্দ কৰা সোণ-ৰূপৰ পৰিমাণ যোৱাবাৰৰ তুলনাত ১৩৯ শতাংশ বেছি।

সেইদৰে, এইবাৰ জব্দ কৰা হৈছে ৪ কোটি ৯৩ লাখ ৭৫ হাজাৰ ৭৭০ টকাৰ সুৰা। যোৱাবাৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ পৰা ২কোটি ৯১ লাখ টকাৰ সুৰা জব্দ কৰা হৈছিল। অৰ্থাৎ এইবাৰ জব্দ কৰা সুৰাৰ পৰিমাণ যোৱাবাৰৰ তুলনাত ৬৯ শতাংশ বেছি।

ইফালে আনুষ্ঠানিক বিবৃতিত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই দাবী কৰে যে তেওঁলোকে স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে ২০২০ চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ ভোটদানৰ পূৰ্বে অধিক নগদ ধন, ড্ৰাগছ, আৰু মদ উদ্ধাৰ কৰা হৈছে। অৰ্থাৎ নিৰ্বাচনত অস্বচ্ছতা দূৰ কৰিবলৈ নিৰ্বাচন আয়োগ কঠোৰ হৈ পৰিছে।

নিৰ্বাচন আয়োগে লগতে জনায় যে বিভিন্ন গোচৰত ২৭০৩খন এফআইআৰ ৰুজু হৈছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে নিৰ্বাচনত প্ৰভাৱ পেলোৱা দোষীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে অহা ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ নিৰ্বাচন। অহা ৮ ফেব্ৰুৱাৰীত ভোটগণনা অনুষ্ঠিত হ’ব।

দিল্লীত আম আদমী পাৰ্টিৰ ক্ষমতাত প্ৰায় এটা দশক হ’ল। অৱশ্যে যোৱা বছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল। যদিও সেই সময়ত তেওঁ পদত্যাগ কৰা নাছিল। অৱশ্যে পিছত জেলৰ পৰা জামিনত মুকলি হৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। আতিশী দিল্লীৰ মুখ্যমন্ত্ৰী হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd