NORTHEAST NOW (Assamese)

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান; এসপ্তাহত ১০০ কেজিতকৈয়ো অধিক গাঞ্জা জব্দ

July 16, 2021 12:45 pm · এন ই নাও নিউজ

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ চি নিম্বালকাৰৰ নেতৃত্বত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। জিলাখনত মহামাৰীৰূপী ড্ৰাগছৰ ওপৰত অভিযান চলাই আহিছে সক্ৰিয় আৰক্ষীৰ দলটোৱে।

কাছাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে যোৱা এসপ্তাহত দুটা পৃথক স্থানৰ পৰা ১০০ কিলোগ্ৰামতকৈও অধিক গাঞ্জা উদ্ধাৰ কৰা হৈছে আৰু তিনিজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰথম অভিযানটো থালিগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত থালিগ্ৰাম বস্তিত কৰা হৈছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অভিযানৰ সময়ত ৮২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছে আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

তদুপৰি, এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে সোনাই ৰোডৰ এখন স্কুটীত লুকুৱাই থোৱা ২৫.১০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছে। আৰক্ষীয়ে ঘটনাটোত এজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে।

কাছাৰবাসীয়ে এছ পি নিম্বালকৰৰ নেতৃত্বত চলা আৰক্ষীৰ এই অভিযানক প্ৰশংসা কৰাৰ লগতে যুৱ সমাজক ধ্বংস কৰিব পৰা এনে নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাত কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Related News