কেথেৰিন জুন অধিকাৰী: অসমক হাড়ে-হিমজুৱে আকোৱালি লোৱা বিদেশী মহিলাগৰাকী

Catherine Jun Adhikari

ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন কাৰিকৰী উপদেষ্টা আনন্দ দেৱ অধিকাৰীৰ সহধৰ্মিনী কেথেৰিন জুন অধিকাৰীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছো। বিদেশৰ জীয়ৰী হৈ অসমলৈ বিয়া হৈ আহি এইগৰাকী মহীয়সী নাৰীয়ে যিদৰে অসমখনক হাড়ে-হিমজুৱে আকোঁৱালি লৈছিল সেয়া দেখিলে আমি তবধ মানো।

পঞ্চাশ দশকতে আনন্দ অধিকাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বিদেশৰ জীয়ৰী জুন অধিকাৰী। তাহানিতেই অসমলৈ বিয়া হৈ আহি কেথেৰিন জুন অধিকাৰীয়ে অসমত থকাৰ লগতে কেইবাবছৰ ধৰি ছিলঙত বসবাস কৰিছিল।

পৰৱৰ্তী সময়ত যোগীঘোপাত অশোক কাগজ কল স্থাপন হোৱাৰ পিছত স্থায়ীভাৱে যোগীঘোপাত থাকি বিভিন্ন বিদ্যালয় স্থাপন কৰি বহু লোকক শিক্ষাদান কৰাৰ লগতে অঞ্চলটোৰ শিক্ষা-দীক্ষা, সামাজিক-সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত অভূতপূৰ্ব অৰিহনা যোগাইছিল।

এইগৰাকী মহীয়সী নাৰী সম্পৰ্কত আমাৰ খুড়ী। খুড়ীয়ে আমাক অত্যন্ত মৰম-চেনেহ কৰাৰ উপৰিও গোটেই পৰিয়ালটোক একত্ৰিত কৰি ৰখাৰ লগতে শিক্ষা-দীক্ষা গ্ৰহণত বিশেষভাৱে গুৰুত্বপ্রদান কৰিছিল।

অসমৰ সকলো ৰীতি-নীতি, খাদ্য-প্রণালী সম্পূৰ্ণৰূপে আকোঁৱাল লৈছিল খুড়ীয়ে। পৰৱৰ্তী সময়ত ১৯৯৭ চনত খুড়া আনন্দ অধিকাৰীৰ বিয়োগৰ পিছত অসমত চিৰস্থায়ীভাৱে থকাৰ তেওঁৰ যি হেঁপাহ বা সপোন আছিল সেয়া বিভিন্ন কাৰণত স্থবিৰপ্ৰায় হৈ পৰে।

পৰৱৰ্তী সময়ত তেওঁ সন্তানৰ সৈতে আমেৰিকাৰ লছ এঞ্জেলছত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। খুড়ীৰ তিনি সন্তান প্রতিগৰাকী সু-শিক্ষাৰে শিক্ষিত প্রায় ৯২ বছৰ বছৰ বয়সত যোৱা ১৩ জানুৱাৰী তাৰিখে আমেৰিকাৰ লছ এঞ্জেলছত খুড়ীয়ে ইহলীলা সম্বৰণ কৰাৰ লগতে সন্তান, নাতি-পৰিনাতি, ভাই-ভতিজীৰে এখন বৃহৎ সংসাৰ এৰি গুচি যায়।

খুড়ীৰ দেহাৱসানত আমি অত্যন্ত মৰ্মাহত হৈছে| আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।