যোৰাবাটত জব্দ দুখন গৰু ভৰ্তি ট্ৰাকঃ উদ্ধাৰ ৬০টা গৰু

Cattle smuggling

প্ৰতিনিধিত্বমূলক ছবি

অসম-মেঘালয় সীমান্তৰ যোৰাবাটত অসম আৰক্ষীয়ে আজি জব্দ কৰিছে অবৈধভাৱে গৰু পৰিবহণ কৰা দুখন ট্ৰাক।

জব্দকৃত ট্ৰাক দুখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৬০ টা গৰু। নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ট্ৰাক দুখন।

জানিব পৰা মতে, নগাঁৱৰ পৰা মেঘালয় অভিমুখে ৰাওনা হৈছিল গৰু ভৰ্তি বাহন দুখন। চোৰাংচোৱা তথ্যৰ আৰক্ষীয়ে এটা চেকপইণ্ট স্থাপন কৰে।

আৰক্ষীৰ এই অস্থায়ী চেকপোষ্টত AS02DC1861 আৰু AS01QC2861 পঞ্জীয়ন নম্বৰৰ ট্ৰাক দুখন গৰুসহ জব্দ হয়।

দুয়োখন ট্ৰাকৰ চালক আৰু সহায়কসহ চাৰিজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে।

ধৃত ব্যক্তিকেইজনক শ্বৱাফিকুল ইছলাম, ইছাক আলী, খিৰজুল ইছলাম আৰু ৰবিজুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

আটাইকেইজন লোক নগাঁও জিলাৰ বাসিন্দা বুলি আৰক্ষীয়ে সদৰী কৰে। অভিযুক্তৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি লগতে জানিবলৈ দিয়ে আৰক্ষীয়ে।