কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) ডেপুটি ডিৰেক্টৰ চিন্তন ৰঘুবংশীক। এই গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি কেন্দ্ৰীয় প্ৰশাসনিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
দীৰ্ঘদিন ধৰি দুৰ্নীতিৰ অভিযোগৰ তদন্ত চলি আছিল আৰু সেই তদন্তত উপ-সঞ্চালকৰ নাম পোহৰলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ কথা অৱগত কৰিছে চিবিআইয়ে।
সূত্ৰ অনুসৰি অভিযুক্ত বিষয়াগৰাকীয়ে কেইবাটাও ডাঙৰ গোচৰত অভিযুক্তসকলৰ পৰা সুবিধা লৈ তদন্তত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। ফলত তদন্ত) লেহেমীয়া হৈছে আৰু কিছুমান অভিযুক্তই সুবিধা লাভ কৰিছে। কোৱা হৈছে যে কিছুমান গোচৰত অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাতো পলম হয়। এই দুৰ্নীতিৰ বিনিময়ত বিপুল পৰিমানৰ উৎকোচ লোৱাৰ প্ৰমাণ পাইছে চিবিআইয়ে।
চিবিআইৰ বিষয়াসকলে জনোৱা মতে, এজন ব্যৱসায়ীৰ পৰা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত উপ-সঞ্চালকগৰাকী হাতে লোটে ধৰা পৰে। তেওঁৰ কাৰ্যালয় আৰু বাসগৃহত তালাচী চলোৱাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ নথি-পত্ৰ, ইলেক্ট্ৰনিক সঁজুলি আৰু বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হয়। মুঠৰ ওপৰত তদন্তকাৰীসকলে প্ৰাথমিকভাৱে ধাৰণা কৰে যে দুৰ্নীতিৰ পৰিমাণ কেইবা কোটি টকাৰো অধিক।
ধন সৰবৰাহ, অবৈধ বিত্তীয় লেনদেন আৰু বৈদেশিক মুদ্ৰা সম্পৰ্কীয় অপৰাধৰ তদন্তত নিয়োজিত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয়। বিশ্লেষকসকলৰ মতে সেই সংস্থাটোৰ এজন উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ প্ৰমাণ আৰু গ্ৰেপ্তাৰ হোৱা এক বৃহৎ প্ৰশাসনিক ব্যৰ্থতা বুলি ধাৰণা কৰা হৈছে।
এই ঘটনাক লৈও ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে কেন্দ্ৰীয় সংস্থাসমূহক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিৰোধীৰ অভিযোগ যে যেতিয়া এই সংস্থাসমূহে নিজৰ নিৰপেক্ষতা হেৰুৱাই পেলায় তেতিয়া তেওঁলোকৰ মাজত দুৰ্নীতিৰ শিপা গজি উঠে। আনহাতে, এই গ্ৰেপ্তাৰ সন্দৰ্ভত এতিয়ালৈকে কেন্দ্ৰই কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।
বলবৎকাৰী সঞ্চালকালয়ৰ তথ্য অনুসৰি অভিযুক্ত বিষয়াজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। সংস্থাটোৰ বিশ্বাসযোগ্যতা ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস দিয়া হৈছে।
মুঠতে দেশৰ কেইবাটাও হাই-প্ৰফাইল গোচৰৰ তদন্তৰ সৈতে জড়িত এজন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আৰু গ্ৰেপ্তাৰে প্ৰশাসনিক স্বচ্ছতা আৰু জবাবদিহিতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনাই কেৱল ইডিক লৈ নহয়, সমগ্ৰ কেন্দ্ৰীয় তদন্ত ব্যৱস্থা আৰু চৰকাৰৰ নিৰপেক্ষতাক লৈও এক নতুন বিতৰ্ক আৰম্ভ কৰিছে। এতিয়া এই তদন্ত কিমান দূৰ আগবাঢ়ে আৰু ইয়াৰ ফলাফল কি হয় সেয়া লক্ষ্যনীয় হ’ব।