• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰিয়হৰ ডুলিতে ভূত! চিবিআইৰ তদন্তত ফাদিল দুৰ্নীতি; এইবাৰ গ্ৰেপ্তাৰ ইডিৰ ডেপুটি ডিৰেক্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2025 2:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) ডেপুটি ডিৰেক্টৰ চিন্তন ৰঘুবংশীক। এই গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি কেন্দ্ৰীয় প্ৰশাসনিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

দীৰ্ঘদিন ধৰি দুৰ্নীতিৰ অভিযোগৰ তদন্ত চলি আছিল আৰু সেই তদন্তত উপ-সঞ্চালকৰ নাম পোহৰলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ কথা অৱগত কৰিছে চিবিআইয়ে।

Apply Now

সূত্ৰ অনুসৰি অভিযুক্ত বিষয়াগৰাকীয়ে কেইবাটাও ডাঙৰ গোচৰত অভিযুক্তসকলৰ পৰা সুবিধা লৈ তদন্তত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। ফলত তদন্ত) লেহেমীয়া হৈছে আৰু কিছুমান অভিযুক্তই সুবিধা লাভ কৰিছে। কোৱা হৈছে যে কিছুমান গোচৰত  অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাতো পলম হয়। এই দুৰ্নীতিৰ বিনিময়ত বিপুল পৰিমানৰ উৎকোচ লোৱাৰ প্ৰমাণ পাইছে চিবিআইয়ে।

চিবিআইৰ বিষয়াসকলে জনোৱা মতে, এজন ব্যৱসায়ীৰ পৰা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত উপ-সঞ্চালকগৰাকী হাতে লোটে ধৰা পৰে। তেওঁৰ কাৰ্যালয় আৰু বাসগৃহত তালাচী চলোৱাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ নথি-পত্ৰ, ইলেক্ট্ৰনিক সঁজুলি আৰু বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হয়। মুঠৰ ওপৰত তদন্তকাৰীসকলে প্ৰাথমিকভাৱে ধাৰণা কৰে যে দুৰ্নীতিৰ পৰিমাণ কেইবা কোটি টকাৰো অধিক।

ধন সৰবৰাহ, অবৈধ বিত্তীয় লেনদেন আৰু বৈদেশিক মুদ্ৰা সম্পৰ্কীয় অপৰাধৰ তদন্তত নিয়োজিত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয়। বিশ্লেষকসকলৰ মতে সেই সংস্থাটোৰ এজন উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ প্ৰমাণ আৰু গ্ৰেপ্তাৰ হোৱা এক বৃহৎ প্ৰশাসনিক ব্যৰ্থতা বুলি ধাৰণা কৰা হৈছে।

এই ঘটনাক লৈও ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে কেন্দ্ৰীয় সংস্থাসমূহক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিৰোধীৰ অভিযোগ যে যেতিয়া এই সংস্থাসমূহে নিজৰ নিৰপেক্ষতা হেৰুৱাই পেলায় তেতিয়া তেওঁলোকৰ মাজত দুৰ্নীতিৰ শিপা গজি উঠে। আনহাতে, এই গ্ৰেপ্তাৰ সন্দৰ্ভত এতিয়ালৈকে কেন্দ্ৰই কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

বলবৎকাৰী সঞ্চালকালয়ৰ তথ্য অনুসৰি অভিযুক্ত বিষয়াজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। সংস্থাটোৰ  বিশ্বাসযোগ্যতা ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস দিয়া হৈছে।

মুঠতে দেশৰ কেইবাটাও হাই-প্ৰফাইল গোচৰৰ তদন্তৰ সৈতে জড়িত এজন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আৰু গ্ৰেপ্তাৰে প্ৰশাসনিক স্বচ্ছতা আৰু জবাবদিহিতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনাই কেৱল ইডিক লৈ নহয়, সমগ্ৰ কেন্দ্ৰীয় তদন্ত ব্যৱস্থা আৰু চৰকাৰৰ নিৰপেক্ষতাক লৈও এক নতুন বিতৰ্ক আৰম্ভ কৰিছে। এতিয়া এই তদন্ত কিমান দূৰ আগবাঢ়ে আৰু ইয়াৰ ফলাফল কি  হয় সেয়া লক্ষ্যনীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd