সৰিয়হৰ ডুলিতে ভূতৰ দৰে ঘটনা! দুৰ্নীতিৰ তদন্ত কৰিবলৈ গৈ উৎকোচ কেলেংকাৰীত লিপ্ত হয় বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) এজন বিষয়া। কেন্দ্ৰীয় তদন্ত সংস্থাৰ সহকাৰী সঞ্চালক পদৰ এজন বিষয়াই মুম্বাইৰ এজন জুৱেলাৰী ব্যৱসায়ীৰ পৰা ২০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতেলোটে ধৰা পৰে। বিষয়াগৰাকীৰ নাম সন্দীপ সিং যাদৱ।
চিবিআইৰ জালত পৰি দিল্লীত গ্ৰেপ্তাৰ হয় যাদব। দিল্লীৰ লাজপত নগৰ অঞ্চলৰ পৰা তেওঁক আটক কৰা হয়। সূত্ৰ অনুসৰি যোৱা ৩ আৰু ৪ আগষ্টত ইডিয়ে জুৱেলাৰী ব্যৱসায়ীগৰাকীৰ ঘৰত অভিযান চলাইছিল। ইয়াৰ পিছত সন্দীপে ২৫ লাখ টকা নিদিলে ব্যৱসায়ীজনৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা হ’ব বুলি হুংকাৰ দিয়ে। তাৰ পিছত দৰদাম কৰি উৎকোচৰ পৰিমাণ ২০ লাখলৈ হ্ৰাস পালে।
লগতে পঢ়কঃ ১৭ মাহৰ পাছত জেলৰ পৰা মুকলি; মনীষ ছিছ’দিয়াৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে
তথ্য লাভ কৰি সন্দীপ সিং যাদৱক ধৰিবলৈ জাল পাতে চিবিআইয়ে। তাৰ পিছত চিবিআইয়ে উৎকোচ লোৱাৰ সময়তে ইডি বিষয়াজনক হাতেলোটে ধৰে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়া সন্দীপে যোৱা বছৰৰ মে’ মাহত ইডিত সহকাৰী সঞ্চালক হিচাপে যোগদান কৰিছিল।
উল্লেখ্য যে শেহতীয়াকৈ তামিলনাডু (যোৱা ডিচেম্বৰ) আৰু ৰাজস্থান (যোৱা নৱেম্বৰ)ত উৎকোচ লোৱাৰ অপৰাধত ইডিৰ দুজন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।
ইয়াৰ উপৰিও যোৱা বছৰৰ আগষ্ট মাহত দিল্লীৰ ব্যৱসায়ী অমন ধলৰ পৰা ৫ কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগত চিবিআইয়ে ইডিৰ সহকাৰী সঞ্চালককে ধৰি ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছিল। দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত বচাবলৈ চৰ্ত হিচাপে ব্যৱসায়ীজনৰ পৰা এই বিপুল পৰিমাণৰ উৎকোচ দাবী কৰা হৈছিল।
লগতে পঢ়কঃ মূৰে-কপালে হাত আদানীৰ! পানীত পৰিল নেকি বাংলাদেশত বৃহৎ বিনিয়োগ?
এইবাৰ আন এজন ইডি বিষয়াক গ্ৰেপ্তাৰ কৰা ঘটনাই স্বাভাৱিকতে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তদন্তকাৰীসকলক লৈ ডাঙৰ প্ৰশ্নৰ অৱতাৰণা কৰিলে।