• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূৰে-কপালে হাত আদানীৰ! পানীত পৰিল নেকি বাংলাদেশত বৃহৎ বিনিয়োগ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2024 9:23 am
বাংলাদেশৰ পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে গৌতম আদানি। ফাইল ফটোঃ সংগ্ৰহীত।

বাংলাদেশৰ পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে গৌতম আদানি। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তন ঘটিছে। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে। আৰু তাতেই ভাৰতে নতুন পৰিৱৰ্তনৰ ইংগিত লক্ষ্য কৰিছে।

বাংলাদেশৰ পুৰণি চৰকাৰৰ সৈতে নতুন দিল্লীৰ যথেষ্ট বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। সেই মৈত্ৰীতাৰ ভিত্তিতে চুবুৰীয়া দেশ দুখনে বিভিন্ন ৰাজনৈতিক চুক্তিৰ পৰা আৰম্ভ কৰি বৃহৎ আৰ্থিক চুক্তিত স্বাক্ষৰ কৰে। য’ত ভাৰতে ইতিমধ্যে কাপোৰৰ পৰা আৰম্ভ কৰি ইন্ধন, কয়লা, বিদ্যুতলৈকে বিভিন্ন শক্তি উৎপাদন ক্ষেত্ৰত হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ ভিতৰত আদানী গোষ্ঠীৰ বিশেষ বিনিয়োগ আছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ‘ঘনিষ্ঠ বন্ধু’ৰ বিনিয়োগক তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অস্বীকাৰ কৰিব নোৱাৰিলে। তেওঁৰ কাৰ্যকালত গৌতম আদানীয়ে কয়লাৰ পৰা শক্তি আৰু বন্দৰত যথেষ্ট বিনিয়োগ কৰিছিল।

Apply Now

লগতে পঢ়কঃ নীৰজৰ স্বৰ্ণ পদক আজুৰি নিলে আৰ্ছাদে! ৰূপৰ পদক লাভ কৰিও অলিম্পিকত ইতিহাস ভাৰতীয়ৰ

২০১৭ চনত স্বাক্ষৰিত চুক্তিৰ অধীনত আগন্তুক ২৫ বছৰত আদানীয়ে ১৪৯৬ মেগাৱাট বিদ্যুৎ বাংলাদেশক বিক্ৰী কৰাৰ কথা। এই প্ৰকল্পটো ২০২৩ চনত আৰম্ভ কৰা হৈছে। অৱশ্যে আদানীৰ বিদ্যুৎ কেন্দ্ৰলৈ যোগান ধৰা কয়লাৰ দামক লৈ ইয়াৰ পূর্বে প্রশ্ন উত্থাপন হৈছে৷ কিন্তু বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত এই চুক্তিৰ ভৱিষ্যত সন্দৰ্ভতো আলোচনা হ’ব পাৰে। মুৰ্ছিদাবাদৰ ৰঘুনাথপুৰত আদানীৰ বিদ্যুৎ যোগান কেন্দ্ৰ আছে। য’ৰ পৰা বাংলাদেশৰ সাতখিৰালৈ বিদ্যুৎ যোগান ধৰা হয়। এতিয়া সেই সকলোবোৰ বাণিজ্যিক চুক্তিৰ ভৱিষ্যত ধুঁৱলী-কুঁৱলী হৈ পৰিছে।

বাংলাদেশৰ অস্থিৰতাই ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতীয় সূতাৰ বৃহৎ বজাৰ বাংলাদেশ। ভাৰতত উৎপাদিত সূতাৰ ২৫ৰ পৰা ৩০ শতাংশ বাংলাদেশলৈ যায়। আনহাতে, বাংলাদেশে ইতিমধ্যে চট্টগ্ৰাম আৰু মংলাত বন্দৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ সৈতে আলোচনা আগবঢ়াই লৈ গৈছে। কাৰণ ভূ-ৰাজনৈতিক আৰু কৌশলগত দৃষ্টিকোণৰ পৰা বংগোপসাগৰত অৱস্থিত চট্টগ্ৰাম বন্দৰটো অতি গুৰুত্বপূৰ্ণ। আৰু চীন আৰু আমেৰিকাই দীৰ্ঘদিন ধৰি এই বন্দৰটোৰ ওপৰত চকু ৰাখিছে। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত বন্দৰ সম্প্ৰসাৰণ চুক্তি কিমান ফলপ্ৰসূ হ’ব তাক লৈ এতিয়া নতুন দিল্লী চিন্তিত হৈ পৰিছে।

লগতে পঢ়কঃ বাংলাদেশ অস্থিৰ হ’লে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, মিয়ানমাৰতো প্ৰভাৱ পৰিব; সকীয়নি মহম্মদ ইউনুছৰ

বন্দৰ বিনিয়োগৰ লগত মোডীৰ ‘ঘনিষ্ঠ বন্ধু’ গৌতম আদানীৰ স্বাৰ্থ জড়িত বুলি জনা যায়। সেয়ে এইবাৰ বাংলাদেশৰ শাসনৰ পৰিৱৰ্তন আদানীৰ আশাত চেঁচাপানী পৰাৰ দৰেই বুলিয়ে ভাবে ৰাজনৈতিক বিশ্লেষকসকলে। কিন্তু ভাৰতৰ এতিয়া মূল লক্ষ্য হৈছে নতুন চৰকাৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা। তাৰ পিছত দিল্লীয়ে চুক্তিভিত্তিক বিনিয়োগৰ কাম আগবঢ়াই নিব বিচাৰে। হয়তো আগৰ দৰে বাটটো মসৃণ নহ’ব। কিন্তু কূটনৈতিক স্বাৰ্থৰ বাবে প্ৰচেষ্টাতো চলাবই লাগিব।

কিন্তু এই বৃহৎ বিনিয়োগ যদি পানীত পৰে, তেন্তে ‘ৰজাঘৰীয়া’ উদ্যোগপতি গৌতম আদানীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? মোডী-শ্বাহৰ ৰাজনৈতিক যাত্ৰাত তাৰ কিমান প্ৰভাৱ পৰিব? সেই সকলোবোৰ প্ৰশ্নই এতিয়া পাক খাই ৰৈছে নতুন দিল্লীৰ কূটনৈতিক নীতিৰ স্থিতিৰ মাজত। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd