দুৰ্নীতিৰ অভিযোগ: ১৮ বছৰ পুৰণি গোচৰত অস্বস্তিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী

Arun-Shourie

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী।

তেওঁৰ বিৰুদ্ধে চৰকাৰী হোটেল বিক্ৰীত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। ১৮ বছৰ পুৰণি এটা গোচৰত নতুনকৈ অস্বস্তিত পৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী।

চিবিআইৰ বিশেষ আদালতে আনকি তেওঁৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰাৰ বাবে নিৰ্দেশ দিছে।

২০০২চনত বাজপেয়ী মন্ত্ৰীসভাত বিনিয়োগ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অৰুণ শ্বোৰীয়ে।

সেই সময়ত  তেওঁৰ বিৰুদ্ধে এখন বিলাসী হোটেল পানীৰ দৰত বিক্ৰী কৰাৰ অভিযোগ উঠে।

বিশেষজ্ঞসকলৰ মতে সেই হোটেলখনৰ দাম প্ৰায় ২৫২কোটি টকা হোৱা উচিত আছিল যদিও শ্বোৰীৰ কাৰ্যালয়ে সেইখন মাত্ৰ চাৰে সাত কোটি টকাত বিক্ৰী কৰিছিল।

হোটেলখনৰ বিক্ৰীত দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিবলৈ দিয়া হয় চিবিআইক।

কিন্তু বিগত ১৭ বছৰে চিবিআইয়ে তদন্ত কৰিও শ্বোৰীৰ বিৰুদ্ধে কোনো তথ্য প্রমান যোগাৰ কৰিব নোৱাৰিলে। সেয়েহে, যোৱা বছৰ চিবিআইৰ বিশেষ আদালতত গোচৰটো বন্ধ কৰাৰ আবেদন দাখিল কৰে কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে।

বৃহস্পতিবাৰে আদালতখনে সেই আবেদন নাকচ কৰি দিয়ে। চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশে কয়, ‘’হোটেলখন বিক্ৰীৰ ফলত চৰকাৰৰ বিশাল লোকচান হৈছে। ১৯৯৯ৰ পৰ ২০০২পৰ্যন্ত কোনো নহয় কোনো চৰকাৰী বিষয়া দুৰ্নীতিত অভিযুক্ত। হোটেলখনৰ প্ৰতি স্কোৱেৰ ফুটত মাত্ৰ ৪৫টকা দাম ধৰা হৈছিল। কিন্তু এই বিলাসী হোটেলখনৰ এখন চামুচৰ দামো হয়তো তাতোকৈ অধিক।‘’

আদালতখনে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে আন দুগৰাকী চৰকাৰী আমোলাৰ বিৰুদ্ধে ফৌজদাৰী গোচৰৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে পূৰ্বে বিজেপিৰ সৈতে থকা অৰুণ শ্বোৰী বৰ্তমান মোদী বিৰোধী হিচাপে পৰিচিত। তেওঁ মোদী চৰকাৰৰ বহু নীতিৰ বিৰুদ্ধে সৰৱ হৈ আহিছে।

শ্বোৰীয়ে দাবী কৰে যে তেওঁৰ বিৰুদ্ধে যিবোৰ অবিযোগ অনা হৈছে সেইবোৰ ভিত্তিহীন। তেওঁ সম্পূৰ্ণ নিয়ম পালন কৰিয়েই লক্ষ্মী বিলাস পেলেচ বিক্ৰী কৰিছিল।

তেওঁ এই ৰায়ৰ বিৰোধিতা কৰি ৰাজস্থান হাইকোৰ্টত আবেদনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।