• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাত ধূলে চিবিআইয়ে! ক্ল’জাৰ ৰি’পৰ্ট দাখিল কৰি জনালে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰকৃত কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2025 1:33 pm
433
VIEWS
Share on FacebookShare on Twitter

বিশ্বই কৰ’না ভাইৰাছৰ সৈতে যুঁজি থকাৰ সময়ত দেশত কঠোৰ লকডাউন চলি আছিল। ঠিক সেই সময়তে ১৪ জুনৰ পুৱা এটা দুখৰ সংবাদ আহিল। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰ। বান্দ্ৰা ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। প্ৰথমতে এই খবৰটো বিশ্বাস কৰিবলৈ টান হৈছিল যদিও পিছলৈ প্ৰশ্ন উত্থাপন হ’ল, সুশান্তই আত্মহত্যা কৰিলে নে কোনোবাই তেওঁক হত্যা কৰিলে? সমগ্ৰ দেশতে তোলপাৰ লাগে।

চিবিআইৰ তদন্তৰ দাবী কৰিছিল সুশান্তৰ পৰিয়ালৰ লগতে তেওঁৰ অগণন অনুৰাগীয়ে। তাৰ পিছত তদন্ত আৰম্ভ হ’ল। প্ৰায় চাৰে চাৰি বছৰৰ মূৰত সুশান্তৰ মৃত্যুৰ ৰহস্য সমাধানৰ ক্ষেত্ৰত চিবিআইয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে।

২০২০ চনৰ ১৪ জুনত বান্দ্ৰা ফ্লেটৰ পৰা সুশান্তৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হয়। আৰম্ভণিতে তেওঁৰ প্ৰেমিকা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ নাম আহি পৰে। তেওঁৰ বিৰুদ্ধে ড্ৰাগছ যোগান ধৰা, মানসিক নিৰ্যাতন, ধনৰ বাবে হেঁচা দিয়া, ক’লা যাদু আদিৰ অভিযোগ আছিল।

সুশান্তৰ পৰিয়ালে পোনপটীয়াকৈ তেওঁৰ আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে। ২০২০ চনৰ আগষ্ট মাহত বিহাৰ আৰক্ষীৰ পৰা চিবিআইয়ে তদন্তৰ দায়িত্ব লয়। চাৰি বছৰীয়া তদন্তৰ অন্তত চিবিআইয়ে দাখিল কৰিছে সুশান্তৰ মৃত্যুৰ ঘটনাৰ ক্ল’জাৰ ৰি’পৰ্ট।

সূত্ৰ অনুসৰি চিবিআইৰ প্ৰতিবেদনে আত্মহত্যাৰ তত্ত্বকে সমৰ্থন কৰিছে। তেওঁলোকে কোনো প্ৰমাণ পোৱা নাছিল যে সুশান্তক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা হৈছিল। ফলত ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালক ক্লিন চিট দিয়া হৈছে।

ইয়াৰ উপৰিও এফ আই আৰ দুখনৰ পৰা ৰিয়া, তেওঁৰ ভাতৃ সৌভিক আৰু পিতৃ-মাতৃৰ নাম বাদ দিবলৈ কোৱা হৈছে। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ ফৰেনছিক টিমেও নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে সুশান্তক হত্যা কৰা হোৱা নাই। তেওঁ আত্মহত্যা কৰিছে, ৩৪ বছৰীয়া অভিনেতাজনৰ মৃত্যু আত্মহত্যা। সুশান্তৰ লেপটপ, হাৰ্ড ডিস্ক, কেমেৰা আৰু দুটা মোবাইলৰ পৰা কোনো গুৰুত্বপূৰ্ণ তথ্য পোৱা নগ’ল।

এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৮ এপ্ৰিলত বান্দ্ৰা দণ্ডাধীশ আদালতত অনুষ্ঠিত হ’ব। চিবিআইৰ প্ৰতিবেদন মানি ল’লে হত্যাৰ অভিযোগ খাৰিজ কৰা হ’ব।

এই সময়ত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বক্তব্যও চৰ্চালৈ আহিছে। তেওঁৰ অধিবক্তাই কয় যে ৰিয়াই চিবিআইৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে গোচৰৰ প্ৰতিটো দিশৰ তদন্ত কৰা হৈছে। তেওঁক লৈ যি মিছা অপপ্ৰচাৰ প্ৰচাৰ হৈছিল সেয়া মানসিকভাৱে অতি কঠিন আছিল।

কোনো অভিযোগ নোহোৱাকৈ ২৭ দিন জেলত কটাবলগীয়া হৈছিল ৰিয়াই, আৰু তেওঁক অহৰহ হাৰাশাস্তি কৰা হৈছিল। ৰিয়াই লগতে কয় যে ভৱিষ্যতে কাৰো লগত তেওঁ এনেকুৱা হোৱাটো নিবিচাৰে।

Recent News

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd