• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাত ধূলে চিবিআইয়ে! ক্ল’জাৰ ৰি’পৰ্ট দাখিল কৰি জনালে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰকৃত কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2025 1:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বই কৰ’না ভাইৰাছৰ সৈতে যুঁজি থকাৰ সময়ত দেশত কঠোৰ লকডাউন চলি আছিল। ঠিক সেই সময়তে ১৪ জুনৰ পুৱা এটা দুখৰ সংবাদ আহিল। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰ। বান্দ্ৰা ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। প্ৰথমতে এই খবৰটো বিশ্বাস কৰিবলৈ টান হৈছিল যদিও পিছলৈ প্ৰশ্ন উত্থাপন হ’ল, সুশান্তই আত্মহত্যা কৰিলে নে কোনোবাই তেওঁক হত্যা কৰিলে? সমগ্ৰ দেশতে তোলপাৰ লাগে।

চিবিআইৰ তদন্তৰ দাবী কৰিছিল সুশান্তৰ পৰিয়ালৰ লগতে তেওঁৰ অগণন অনুৰাগীয়ে। তাৰ পিছত তদন্ত আৰম্ভ হ’ল। প্ৰায় চাৰে চাৰি বছৰৰ মূৰত সুশান্তৰ মৃত্যুৰ ৰহস্য সমাধানৰ ক্ষেত্ৰত চিবিআইয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে।

Apply Now

২০২০ চনৰ ১৪ জুনত বান্দ্ৰা ফ্লেটৰ পৰা সুশান্তৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হয়। আৰম্ভণিতে তেওঁৰ প্ৰেমিকা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ নাম আহি পৰে। তেওঁৰ বিৰুদ্ধে ড্ৰাগছ যোগান ধৰা, মানসিক নিৰ্যাতন, ধনৰ বাবে হেঁচা দিয়া, ক’লা যাদু আদিৰ অভিযোগ আছিল।

সুশান্তৰ পৰিয়ালে পোনপটীয়াকৈ তেওঁৰ আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে। ২০২০ চনৰ আগষ্ট মাহত বিহাৰ আৰক্ষীৰ পৰা চিবিআইয়ে তদন্তৰ দায়িত্ব লয়। চাৰি বছৰীয়া তদন্তৰ অন্তত চিবিআইয়ে দাখিল কৰিছে সুশান্তৰ মৃত্যুৰ ঘটনাৰ ক্ল’জাৰ ৰি’পৰ্ট।

সূত্ৰ অনুসৰি চিবিআইৰ প্ৰতিবেদনে আত্মহত্যাৰ তত্ত্বকে সমৰ্থন কৰিছে। তেওঁলোকে কোনো প্ৰমাণ পোৱা নাছিল যে সুশান্তক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা হৈছিল। ফলত ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালক ক্লিন চিট দিয়া হৈছে।

ইয়াৰ উপৰিও এফ আই আৰ দুখনৰ পৰা ৰিয়া, তেওঁৰ ভাতৃ সৌভিক আৰু পিতৃ-মাতৃৰ নাম বাদ দিবলৈ কোৱা হৈছে। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ ফৰেনছিক টিমেও নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে সুশান্তক হত্যা কৰা হোৱা নাই। তেওঁ আত্মহত্যা কৰিছে, ৩৪ বছৰীয়া অভিনেতাজনৰ মৃত্যু আত্মহত্যা। সুশান্তৰ লেপটপ, হাৰ্ড ডিস্ক, কেমেৰা আৰু দুটা মোবাইলৰ পৰা কোনো গুৰুত্বপূৰ্ণ তথ্য পোৱা নগ’ল।

এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৮ এপ্ৰিলত বান্দ্ৰা দণ্ডাধীশ আদালতত অনুষ্ঠিত হ’ব। চিবিআইৰ প্ৰতিবেদন মানি ল’লে হত্যাৰ অভিযোগ খাৰিজ কৰা হ’ব।

এই সময়ত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বক্তব্যও চৰ্চালৈ আহিছে। তেওঁৰ অধিবক্তাই কয় যে ৰিয়াই চিবিআইৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে গোচৰৰ প্ৰতিটো দিশৰ তদন্ত কৰা হৈছে। তেওঁক লৈ যি মিছা অপপ্ৰচাৰ প্ৰচাৰ হৈছিল সেয়া মানসিকভাৱে অতি কঠিন আছিল।

কোনো অভিযোগ নোহোৱাকৈ ২৭ দিন জেলত কটাবলগীয়া হৈছিল ৰিয়াই, আৰু তেওঁক অহৰহ হাৰাশাস্তি কৰা হৈছিল। ৰিয়াই লগতে কয় যে ভৱিষ্যতে কাৰো লগত তেওঁ এনেকুৱা হোৱাটো নিবিচাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd