দুৰ্নীতিৰ গোচৰত চিবিআইয়ে সোধপোছ কৰিলে প্ৰাক্তন ৰাজ্যপালক; চলিল তালাচীও!

CBI questions former Meghalaya Governor প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক চিবিআইয়ে দুৰ্নীতিৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছা কৰিছে। ২০২১ চনৰ অক্টোবৰত সত্যপাল মালিকে দাবী কৰিছিল যে তেওঁক ৩০০ কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱ দিয়া হৈছিল। উৎকোচৰ বিনিময়ত তেওঁক দুটা ফাইল পাছ কৰিবলৈ কোৱা হৈছিল। ফাইল দুটা এজন আৰ এছ এছ নেতাৰ সৈতে সম্পৰ্কিত আছিল।

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই)য়ে গোচৰটোৰ সন্দৰ্ভত সোধা-পোছা কৰিছে। সত্যপাল মালিক জম্মু আৰু কাশ্মীৰৰো ৰাজ্যপাল আছিল। সেই সময়ত দুটা প্ৰকল্পত অনিয়ম হৈছিল। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বিষয়াসকলে এই সন্দৰ্ভত তেওঁৰ পৰা সৱিশেষ জানিব বিচাৰে।

লগতে পঢ়ক: ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে; আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে

চিবিআইয়ে এপ্ৰিলত দুয়োটা প্ৰকল্পত অনিয়মৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে কৈছে যে মালিকে নিজেই আগতে অভিযোগ কৰিছিল। তেওঁক সেই অভিযোগবোৰৰ সৱিশেষ জানিবলৈ সোধপোছ কৰা হৈছে। তেওঁক এগৰাকী সাক্ষী হিচাপে প্ৰশ্ন কৰা হৈছে।

কেলেংকাৰীৰ সময়ত আইএএছ বিষয়া নবীন চৌধুৰী চেনাব ভেলী পাৱাৰ প্ৰজেক্ট প্ৰাইভেট লিমিটেডৰ (চিভিপিপিএল) অধ্যক্ষ আছিল। তেওঁৰ ঘৰতো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দলটোৱে তালাচী চলায়। এটা প্ৰকল্পৰ পৰিচালন সঞ্চালক এম এছ বাবু, পৰিচালক এম কে মিট্টাল আৰু অৰুণ মিশ্ৰৰ বাসগৃহতো তালাচী চলোৱা হৈছে। চিবিআইয়ে জম্মুৰ গোচৰটোৰ অভিযুক্ত পেটেল ইঞ্জিনিয়াৰিং লিমিটেডৰ বিৰুদ্ধেও এটা গোচৰ ৰুজু কৰিছে।

তদুপৰি, শ্ৰীনগৰত অনিল আম্বানীৰ ৰিলায়েন্স জেনেৰেল ইঞ্চিউৰেন্স কোম্পানী আৰু ট্ৰিনিটি ৰিইঞ্চিউৰেন্স ব্ৰোকাৰ লিমিটেডৰ বিৰুদ্ধে শ্ৰীনগৰত পৃথক এজাহাৰ দাখিল কৰা হৈছে।

লগতে পঢ়ক: অশোভনীয় আচৰণৰ অভিযোগত অপসাৰিত ব্ৰিটেইনৰ বাণিজ্য মন্ত্ৰী

চিবিআইয়ে এক বিবৃতিত কয়, “জম্মু-কাশ্মীৰ চৰকাৰৰ পৰামৰ্শ অনুসৰি দুটা পৃথক গোচৰ ৰুজু কৰা হৈছে। জম্মু আৰু কাশ্মীৰ স্বাস্থ্যসেৱা বীমা আঁচনিকলৈ ২০১৭-১৮ বৰ্ষত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে ৬০ কোটি টকাৰ চুক্তিৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। আনহাতে, ২০১৯ চনত কিৰু জলবিদ্যুৎ প্ৰকল্পৰ বাবে এটা ব্যক্তিগত কোম্পানীৰ সৈতে ২,২০০ কোটি টকাৰ চুক্তিত দুৰ্নীতিৰ সন্দৰ্ভত দ্বিতীয় অভিযোগটো দাখিল কৰা হৈছিল।‘’