NORTHEAST NOW (Assamese)

গুৱাহাটীৰ ১৪টা স্থানত চলিছে চি বি আইৰ সমান্তৰাল অভিযান

July 11, 2019 8:10 pm · অনিৰ্বাণ ৰয়
প্ৰতিনিধিত্বমূলক ফাইল ফটো।

মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে’ মুখ্য কাৰ্য্যালয়ত সংঘটিত ১৫৮ কোটি টকীয়া কেলেংকাৰি সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীৰ ১৪টা স্থানত চি বি আই-এ তালাচী চলাইছে।

সূত্ৰসমূহে নৰ্থ ইষ্ট নাওক জনোৱা মতে, কেলেংকাৰিটোত প্ৰত্যক্ষভাৱে জৰিত এন এফ ৰে’লৱে’ বিষয়াৰ কাৰ্য্যালয়, বিভাগীয় আৱাস আৰু ব্যক্তিগত আৱাসত চি বি আই-এ তালাচী চলাইছে।

১৫৮ কোটি ৰাজহুৱা ধনৰ সৰকোৱাত প্ৰত্যক্ষভাৱে জৰিত এন এফ ৰে’লৱে’ (নিৰ্মাণ)ৰ ছগৰাকী বিষয়াৰ বিৰুদ্ধে এক প্ৰতিবেদনৰ অধাৰত চি বি আই-এ নিজাববীয়া গোচৰ (suo-moto case নং ০৬/২০১৯) ৰুজু কৰিছে।

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে পশ্চিম বংগ আৰু বিহাৰৰ একাংশত ৰে’লৱে’ৰ সকলো নিৰ্মাণ ৰূপায়ণৰ দায়িত্ব এন এফ ৰে’লৱে’ (নিৰ্মাণ)ই বহন কৰে।

সূত্ৰসমূহে জনাই যে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া দিলীপ বৰা গোচৰটোৰ মূল অভিযুক্ত।

২০১৪ আৰু ২০১৮ চনত বিহাৰ আৰু মধ্য ভাৰতৰ এক বৃহৎসংখ্যক ভুৱা আৰু অস্তিত্বহীন বাতৰি কাকত আৰু আলোচনীত বিজ্ঞাপন জাৰি কৰি এই ছগৰাকী ৰে’লৱে’ বিষয়াই ১৫৮ কোটি টকা সৰকাই নিছিল।

তালাচী কালত ১৪টা স্থানৰ পৰা চি বি আই-এ বৃহৎ পৰিমাণৰ নথি-পত্ৰ, বেংক পাছবুক আৰু কম্পিউটাৰ হাৰ্ড ডিস্ক জব্দ কৰিছে।

চি বি আই-এ তালাচীটো সন্দৰ্ভত বিভাগীয় বিবৃতি জাৰি কৰা নাই যদিও, সূত্ৰসমূহৰ মতে, কেলেংকাৰিটোৰ আয়তন ১৫৮ কোটি টকাতকৈয়ো বেছি হ’ব পাৰে।

কেলেংকাৰিটোত এন এফ ৰে’লৱে’ৰ আৰু বহু বিষয়া জৰিত থকা বুলি সন্দেহ কৰা হৈছে, সূত্ৰসমূহে জনায়।

চি বি আই-এ বৃহস্পতিবাৰে পৃথক পৃথক স্থানত বিয়লি আটাইকেইগৰাকী বিষয়াৰ জেৰা আৰম্ভ কৰিছে, আৰু তেওঁলোকৰ একাংশক গ্ৰেপ্তাৰ কৰাও হ’ব পাৰে, সূত্ৰসমূহে জনায়।

ভুৱা আৰু অস্তিত্বহীন বাতৰি কাকত আৰু আলোচনীত জাৰি কৰা নিবিদাৰ বিজ্ঞাপনে একাংশ ঠিকাদাৰ আৰু চাপ্লায়াৰক পিছ দুৱাৰেদি ঠিকা উলিয়াই নিয়াতো সহায় কৰিছিল।

“ভুৱা বাতৰি কাকতত বিজ্ঞাপন দিলে প্ৰকৃত ঠিকাদাৰ আৰু চাপ্লায়াৰসকলে কামৰ বিষয়ে কেনেকৈ গম পাব?” সূত্ৰসমূহে কয়।

অদৃশ্য বিজ্ঞাপনৰ সুযোগ লৈ জ্যেষ্ঠ বিষয়াক ঘোচ খুৱাই একাংশ অসাধু ঠিকাদাৰে ঠিকাৰ কাম আদায় কৰিছিল।

Related News