ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত, CBIয়ে প্ৰকাশ কৰিলে ৩ হত্যাকাৰীৰ নাম

murder

লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত ৷ CBIয়ে প্ৰকাশ কৰিলে ৩ হত্যাকাৰীৰ নাম।

হত্যাকাৰী কেইজন ৰূপা ব্ৰহ্ম, দিনকৰ মুছাহাৰী আৰু ভদ্ৰেশ্বৰ বসুমতাৰী।

CBIয়ে প্ৰকাশ কৰিছে  এই  ৩ হত্যাকাৰীৰ নাম৷

হত্যাকাৰী ৰূপা ব্ৰহ্ম, দিনকৰ মুছাহাৰী আৰু ভদ্ৰেশ্বৰ বসুমতাৰী বুলি তদন্তকাৰী সংস্থাটোৱে নিশ্চিত কৰাৰ লগতে

এওঁলোকৰ সন্ধান দিওতালৈ ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

উল্লেখ্য ২০১৭ চনৰ ১ আগ্ষ্টৰ দিনা এবিএমছুৰ সভাপতি লাফিকুল ইছলামক কোকৰাঝাৰ চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত তিতাগুৰিত টাইলছ কিনি থকাৰ সময়তে মটৰ চাইকেলত অহা দুজন দুৰ্বৃত্তই নিচেই কাষৰ পৰা একে-৪৭ ৰাইফলেৰে গুলীয়াই হত্যা কৰিছিল।

বহু বছৰ বাগৰি যোৱাৰ পিছতো হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাকলৈ এবিএমছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছিল।

লাফিকুল হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল।