চিয়েট টায়াৰ্ছৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি বলিউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খানক

amir-khan.1.352097

আৰ পি জি গ্ৰুপৰ কোম্পানি চিয়েট টায়াৰ্ছে বলিউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খানক কোম্পানিটোৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে।

এতিয়াৰে পৰা বিভিন্ন মাধ্যমত চিয়েট টায়াৰ্ছ কোম্পানিৰ হৈ প্ৰচাৰ চলাব আমীৰ খানে।

কোম্পানিৰ ফালৰ পৰা কোৱা হয় যে ভাৰতীয় চিনেমা জগতৰ সবাটোকৈ প্ৰতিভাধাৰী তথা জনপ্ৰিয় অভিনেতাৰ ভিতৰত আমীৰ খান অন্যতম।

অভিনেতা গৰাকীক ব্ৰেণ্ড এম্বেছাডৰ হিচপে দুই বছৰৰ বাবে নিযুক্তি প্ৰদান কৰা হয়।

জানিব পৰা মতে, য়ু এ ইত চলি থকা আই পি এলৰ সময়ত চিয়েট টায়াৰ্ছৰ দুটাকৈ বিজ্ঞাপনত দেখা পোৱা যাব আমীৰ খানক।

চিয়েট চিকিউৰড্ৰাইভ টায়াৰৰ সন্দৰ্ভত হ’বলগীয়া প্ৰথমটো বিজ্ঞাপনৰ প্ৰচাৰ অহা শনিবাৰৰ পৰা আৰম্ভ হ’ব।

প্ৰথমটো বিজ্ঞাপন অনলাইন-অফলাইনৰ লগতে বিভিন্ন মাধ্যমত প্ৰচাৰ কৰা হ’ব বুলি কোম্পানিয়ে জনাইছে।

উল্লেখ্য যে চিয়েট চিকিউৰড্ৰাইভ টায়াৰৰ ব্যৱহাৰ হোণ্ডা চিটি, টয়টা ক’ৰলা, হুণ্ডাই ক্ৰেটা আদিৰ দৰে গাড়ীত হয়।