৮ মাৰ্চৰ দৰে প্ৰতিটো দিনে উদ্‌যাপন হওঁক ‘নাৰী দিৱস’

৮ মাৰ্চ, বিশ্ব নাৰী দিৱস হিচাপে প্রতি বছৰে পালন কৰা হয়। সমগ্ৰ বিশ্বতে বছৰৰ এই দিনটোৰ নাৰীৰ ব্যক্তিত্ব, কৃতৃত্ব, সম অধিকাৰ, স্বাধিকাৰ নিৰ্যাতিতা, বঞ্চিতা, লঞ্চিতা, ধৰ্ষিতা, প্রাণনাশ, লিংগবৈষম্য, ভাবুকি, হত্যা, অপহৰণ ইত্যাদি এশ এবুৰি বিষয় আনুষ্ঠানিক চৰ্চা চলে।অন্যহাতে, ছপা মাধ্যম, বৈদ্যুতিন সংবাদ মাধ্যম, ডিজিটেল সংবাদ মাধ্যমকে আদি কৰি সামাজিক মাধ্যমতো নাৰীক শুভেচ্ছাৰে উপচাই চেহেৰা মনিব নোৱাৰাকৈ শব্দৰ ফুল ছটিয়াই দিয়া হয়। এই ফালৰ পৰা নাৰী সকল কম সৌভাগ্যৱান নে (ইয়াত কেৱল ভাৰতৰ কথা কোৱা হৈছে)। ৩৬৫ দিনৰ মাত্ৰ এটা দিনত তেওঁলোকক আনুষ্ঠানিক পূজা-অৰ্চনাত মহিয়সী লক্ষী, সৰস্বতীৰ তুলনা কৰি বাকী ৩৬৪ দিন নিজৰ নিজৰ স্থানত নিত্য ব্যৱহাৰ্য জীৱ যাপন কৰি আহিছে মহিলাই। অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, শিক্ষা আৰু বিভিন্ন সামাজিকৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই দিনটোতে নাৰী সকলক প্ৰেৰণা দিবলৈ বিভিন্ন বঁটা-বাহনো দিয়া হয়।কিন্তু এইখিনিতে আমাৰ মনত প্ৰশ্নৰ উদয় হয়, আমাৰ দেশত এগৰাকী সাধাৰণ নাৰীয়ে যিকোনো দিশত উজলি উঠাৰ পথটো কিমান সূচল? এই দিশবোৰ আলোচনা কৰাটো অতি জৰুৰী বুলি আমাৰ মনে ধৰে।

বৰ্তমান অর্থনৈতিকভাৱে আমাৰ দেশৰ কিমান নাকী স্বাৱলম্বী? ২০১১ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ ৪৮.৫% শতাংশ হৈছে মহিলা। ইয়াৰে মাত্ৰ ১৮% মহিলাইহে অর্থনৈতিক ক্ষেত্ৰখনলৈ বৰঙনি আগবঢ়াবলৈ সক্ষম বুলি কোৱা হৈছে। বাকী ৩০% মহিলাৰ অর্থনৈতিক ক্ষেত্ৰত কোনো অৱদান নাই। এই ৩০% মহিলা ৰাষ্ট্ৰৰ বোজা হৈ পৰিছে নেকি? অথবা ৰাষ্ট্ৰই তেওঁলোকক বোজা হোৱাৰ পৰিৱেশ সৃষ্টি কৰিছে।

এই কথাটোৱে প্ৰমাণ কৰিছে যে নাৰীৰ সবলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হোৱা নাই। যাৰ ফলত দেশৰ অধিকাংশ মহিলাই এতিয়াও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ উঠা নাই। নাৰীয়ে সমান সুযোগ আৰু সুবিধা লাভ কৰাতো সাংবিধানিক অধিকাৰ।

ইফালে আজিৰ সমাজ ব্যৱস্থাত আজিও মহিলাসকল মুক্ত মনে কাম কৰিবলৈ বাহিৰলৈ ওলাই অহাটো সহজ নহয়। ঘৰখন বা স্বামীৰ পৰা অনুমতি লোৱা আৰু সমাজখনৰ কু-দৃষ্টিৰ পৰা মুক্ত হৈ কাম কৰিবলৈ আহোঁতে এটা ডাঙৰ প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ ফলত এখন শীতল যুদ্ধ প্রতিটো মুহূৰ্ততে মগজুত চলি থাকে কেতিয়াবা ইয়াৰ পৰিণতি অতি ভয়াবহ হৈ পৰে। এনে ঘটনাৰ উদাহৰণ আমাৰ দেশত দেধাৰ।

বহু মহিলাই ৮ ঘণ্টা শ্রম কৰিও উচিত মূল্য নাপায় যাৰফলত মহিলাসকল অৰ্থনৈতিক শোষণৰ বলি হৈ আহিছে। তদুপৰি বহু মহিলা শিক্ষিতা হৈয়ো উপয়ুক্ত কৰ্মস্থানৰ অভাৱত নিজকে সংস্থাপিত কৰিবলৈ সক্ষম নহয়। আমাৰ দেশত আজিও বা মহিলাৰ বাবে একচেতীয়া উদ্যোগ গঢ় লৈ উঠা নাই।

উদাহৰণস্বৰূপে ফুড প্রচোচিং উদ্যোগ, হস্ততাঁত উদ্যোগ, পৰ্যটন উদ্যোগ, ফ্ৰেনচাইজিং উদ্যোগ ইত্যাদিবোৰত কাম কৰিবলৈ ইচ্ছা থাকিলেও সুযোগ সুবিধা সহজে নাপায়। এনেধৰণৰ উদ্যোগবোৰ গাঁৱৰ তথা চহৰৰ চুকে-কোণে গঢ় দিবলৈ প্রশিক্ষণ ব্যৱস্থাও কৰিব লাগিব। যদিও চৰকাৰে মহিলা দক্ষতা বিকাশৰ বাবে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছে, কিন্তু সৰহ সংখ্যক এই মহিলাই সুযোগ গ্ৰহণ কৰিবলৈ পোৱা নাই।

এতিয়া আহো নাৰীৰ কৃতিত্ব, স্বাধীনতা, স্বাধিকাৰ ইত্যাদি বিষয়বোৰলৈ। বহুক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানে সমানে আগুৱাই গৈছে যদিও সংখ্যাত পুৰুষৰ তুলনাত তেনেই নগণ্য। উদাহৰণস্বৰূপে ৰাজনৈতিক ক্ষেত্ৰখনতে দৃষ্টি দিলেই পুৰুষ আৰু মহিলাৰ অনুপাত কিমান তাৰতম্য সেয়া দেখা স্পষ্ট হৈ পৰে।

 

দূৰভাষ : 91015-57281