• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

৮ মাৰ্চৰ দৰে প্ৰতিটো দিনে উদ্‌যাপন হওঁক ‘নাৰী দিৱস’

প্রতিভা শইকীয়া চুতীয়া by প্রতিভা শইকীয়া চুতীয়া
March 8, 2023 1:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮ মাৰ্চ, বিশ্ব নাৰী দিৱস হিচাপে প্রতি বছৰে পালন কৰা হয়। সমগ্ৰ বিশ্বতে বছৰৰ এই দিনটোৰ নাৰীৰ ব্যক্তিত্ব, কৃতৃত্ব, সম অধিকাৰ, স্বাধিকাৰ নিৰ্যাতিতা, বঞ্চিতা, লঞ্চিতা, ধৰ্ষিতা, প্রাণনাশ, লিংগবৈষম্য, ভাবুকি, হত্যা, অপহৰণ ইত্যাদি এশ এবুৰি বিষয় আনুষ্ঠানিক চৰ্চা চলে।অন্যহাতে, ছপা মাধ্যম, বৈদ্যুতিন সংবাদ মাধ্যম, ডিজিটেল সংবাদ মাধ্যমকে আদি কৰি সামাজিক মাধ্যমতো নাৰীক শুভেচ্ছাৰে উপচাই চেহেৰা মনিব নোৱাৰাকৈ শব্দৰ ফুল ছটিয়াই দিয়া হয়। এই ফালৰ পৰা নাৰী সকল কম সৌভাগ্যৱান নে (ইয়াত কেৱল ভাৰতৰ কথা কোৱা হৈছে)। ৩৬৫ দিনৰ মাত্ৰ এটা দিনত তেওঁলোকক আনুষ্ঠানিক পূজা-অৰ্চনাত মহিয়সী লক্ষী, সৰস্বতীৰ তুলনা কৰি বাকী ৩৬৪ দিন নিজৰ নিজৰ স্থানত নিত্য ব্যৱহাৰ্য জীৱ যাপন কৰি আহিছে মহিলাই। অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, শিক্ষা আৰু বিভিন্ন সামাজিকৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই দিনটোতে নাৰী সকলক প্ৰেৰণা দিবলৈ বিভিন্ন বঁটা-বাহনো দিয়া হয়।কিন্তু এইখিনিতে আমাৰ মনত প্ৰশ্নৰ উদয় হয়, আমাৰ দেশত এগৰাকী সাধাৰণ নাৰীয়ে যিকোনো দিশত উজলি উঠাৰ পথটো কিমান সূচল? এই দিশবোৰ আলোচনা কৰাটো অতি জৰুৰী বুলি আমাৰ মনে ধৰে।

বৰ্তমান অর্থনৈতিকভাৱে আমাৰ দেশৰ কিমান নাকী স্বাৱলম্বী? ২০১১ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ ৪৮.৫% শতাংশ হৈছে মহিলা। ইয়াৰে মাত্ৰ ১৮% মহিলাইহে অর্থনৈতিক ক্ষেত্ৰখনলৈ বৰঙনি আগবঢ়াবলৈ সক্ষম বুলি কোৱা হৈছে। বাকী ৩০% মহিলাৰ অর্থনৈতিক ক্ষেত্ৰত কোনো অৱদান নাই। এই ৩০% মহিলা ৰাষ্ট্ৰৰ বোজা হৈ পৰিছে নেকি? অথবা ৰাষ্ট্ৰই তেওঁলোকক বোজা হোৱাৰ পৰিৱেশ সৃষ্টি কৰিছে।

এই কথাটোৱে প্ৰমাণ কৰিছে যে নাৰীৰ সবলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হোৱা নাই। যাৰ ফলত দেশৰ অধিকাংশ মহিলাই এতিয়াও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ উঠা নাই। নাৰীয়ে সমান সুযোগ আৰু সুবিধা লাভ কৰাতো সাংবিধানিক অধিকাৰ।

Apply Now

ইফালে আজিৰ সমাজ ব্যৱস্থাত আজিও মহিলাসকল মুক্ত মনে কাম কৰিবলৈ বাহিৰলৈ ওলাই অহাটো সহজ নহয়। ঘৰখন বা স্বামীৰ পৰা অনুমতি লোৱা আৰু সমাজখনৰ কু-দৃষ্টিৰ পৰা মুক্ত হৈ কাম কৰিবলৈ আহোঁতে এটা ডাঙৰ প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ ফলত এখন শীতল যুদ্ধ প্রতিটো মুহূৰ্ততে মগজুত চলি থাকে কেতিয়াবা ইয়াৰ পৰিণতি অতি ভয়াবহ হৈ পৰে। এনে ঘটনাৰ উদাহৰণ আমাৰ দেশত দেধাৰ।

বহু মহিলাই ৮ ঘণ্টা শ্রম কৰিও উচিত মূল্য নাপায় যাৰফলত মহিলাসকল অৰ্থনৈতিক শোষণৰ বলি হৈ আহিছে। তদুপৰি বহু মহিলা শিক্ষিতা হৈয়ো উপয়ুক্ত কৰ্মস্থানৰ অভাৱত নিজকে সংস্থাপিত কৰিবলৈ সক্ষম নহয়। আমাৰ দেশত আজিও বা মহিলাৰ বাবে একচেতীয়া উদ্যোগ গঢ় লৈ উঠা নাই।

উদাহৰণস্বৰূপে ফুড প্রচোচিং উদ্যোগ, হস্ততাঁত উদ্যোগ, পৰ্যটন উদ্যোগ, ফ্ৰেনচাইজিং উদ্যোগ ইত্যাদিবোৰত কাম কৰিবলৈ ইচ্ছা থাকিলেও সুযোগ সুবিধা সহজে নাপায়। এনেধৰণৰ উদ্যোগবোৰ গাঁৱৰ তথা চহৰৰ চুকে-কোণে গঢ় দিবলৈ প্রশিক্ষণ ব্যৱস্থাও কৰিব লাগিব। যদিও চৰকাৰে মহিলা দক্ষতা বিকাশৰ বাবে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছে, কিন্তু সৰহ সংখ্যক এই মহিলাই সুযোগ গ্ৰহণ কৰিবলৈ পোৱা নাই।

এতিয়া আহো নাৰীৰ কৃতিত্ব, স্বাধীনতা, স্বাধিকাৰ ইত্যাদি বিষয়বোৰলৈ। বহুক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানে সমানে আগুৱাই গৈছে যদিও সংখ্যাত পুৰুষৰ তুলনাত তেনেই নগণ্য। উদাহৰণস্বৰূপে ৰাজনৈতিক ক্ষেত্ৰখনতে দৃষ্টি দিলেই পুৰুষ আৰু মহিলাৰ অনুপাত কিমান তাৰতম্য সেয়া দেখা স্পষ্ট হৈ পৰে।

 

দূৰভাষ : 91015-57281

প্রতিভা শইকীয়া চুতীয়া

প্রতিভা শইকীয়া চুতীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd