NORTHEAST NOW (Assamese)

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বকাপত ইৰানৰ খেলক লৈ বিতৰ্কৰ অন্ত নাই। ইয়াৰ মাজতে বিতৰ্কৰ জুইত ঘিউ ঢালিলে ইৰানৰ ফুটবল খেলুৱৈ মহম্মদ মোহেবিয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে গ‘ল দিয়াৰ পাছত তেওঁ যি কৰিলে, তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। আনকি প্ৰশ্ন উত্থাপন হৈছে যে মোহেবিক বিশ্বকাপৰ পৰা নিষিদ্ধ কৰা হ’ব নেকি?

আচলতে ইৰানৰ এই খেলুৱৈগৰাকীয়ে কি কৰিছিল? আমেৰিকাৰ লছ এঞ্জেলছৰ ষ্টেডিয়ামত তেতিয়া খেলৰ চৌষষ্ঠি মিনিট চলি আছিল। ইৰান দুই এক গ’লত পিছপৰি আছিল। সোঁফালৰ পৰা অহা এটা ক্ৰছত মূৰ লগাই মোহেবিয়ে বলটো জালৰ ভিতৰলৈ সুমুৱাই দিয়ে। তাৰ পাছতে কৰ্ণাৰ ফ্লেগৰ ওচৰলৈ গৈ তেওঁ উল্লাস কৰিবলৈ ধৰে। সেইটোক লৈয়েই যিমান বিতৰ্ক। তেওঁ দুয়োখন হাতেৰে বন্দুক ধৰাৰ দৰে ভংগীমা কৰি দৰ্শকৰ ফালে দেখুৱায়। যুদ্ধৰ পৰিৱেশৰ মাজত আমেৰিকাৰ মাটিত ইৰানে খেলিবলৈ অহাটোক লৈ আগৰ পৰাই বহু বিতৰ্ক চলি আছিল। আনকি ইৰানে বিশ্বকাপ খেলিব নে নাই, তাক লৈয়ো প্ৰশ্ন উঠিছিল।

ইয়াৰ মাজতেই মোহেবিৰ এনে বিতৰ্কিত আচৰণ পোহৰলৈ আহে। এনেধৰণৰ আচৰণৰ ক্ষেত্ৰত ফিফাই যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। আনকি সাধাৰণ ক্লাব পৰ্যায়ৰ খেলতো বন্দুক দেখুৱাই উল্লাস কৰাটো নিষিদ্ধ। তেনেক্ষেত্ৰত ফিফাই মোহেবিক নিষিদ্ধ কৰিব পাৰে। বহুতো সমৰ্থকে এনে দাবীও উত্থাপন কৰিছে। পিছে বৰ্তমান তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰিছে। তেওঁৰ মতে তেওঁৰ মনলৈ হঠাতে এনেদৰে উল্লাস কৰাৰ কথা আহিছিল। এইটো এক সাধাৰণ উল্লাস আছিল আৰু সমৰ্থকসকলৰ বাবেই তেওঁ এনে ভংগীমা কৰিছিল বুলি খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়ে।

খেল শেষ হোৱাৰ পাছতেই ইৰানৰ দলটোক আমেৰিকাৰ পৰা একপ্ৰকাৰ খেদি পঠিওৱা হয়। খেলুৱৈ আৰু সহযোগী কৰ্মচাৰীসকলক দেশখনৰ পৰা বাহিৰ কৰি দিয়া হয়। খেলৰ পাছত জিৰণি ল‘বলৈও খেলুৱৈসকলে অকণমান সময় নাপালে। প্ৰায় লগে লগেই তেওঁলোকে এশ চল্লিছ মাইল দূৰত্ব অতিক্ৰম কৰিবলৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া হয়। কেৱল খেলৰ সময়খিনিৰ বাবেহে ইৰানৰ দলটোক আমেৰিকাৰ ভিছা প্ৰদান কৰা হৈছিল। বাকী সময়খিনি গোটেই দলটোৱে আন এখন দেশত থাকিবলগীয়া হৈছে আৰু তাতেই অনুশীলন চলাইছে। খেল শেষ হোৱাৰ লগে লগে দলটোক আমেৰিকা ত্যাগ কৰি মেক্সিকোৰ টিজুয়ানাত থকা তেওঁলোকৰ মূল শিবিৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হয়।

 

Related News